ছত্তিশগড়ত সংঘৰ্ষ: সুৰক্ষাকৰ্মীৰ হাতত নিহত ১৪ মাওবাদী

Sharing is caring!

নিউজ ডেস্ক@ ছত্তিশগড়ৰ সুকুমা জিলাত সোমবাৰে পুৱা সুৰক্ষাকৰ্মীৰ লগত হোৱা এক সংঘৰ্ষত ১৪ টা মাওবাদী নিহয় হয়। আৰক্ষী আৰু সুৰক্ষাকৰ্মীৰ এক যুটীয়া অভিযানত নিহত হয় মাওবাদীকেইটা। এই সংঘৰ্ষটো সুকুমা জিলাৰ গোলাপল্লী আৰু কোন্টা থানা ক্ষেত্ৰৰ মাজত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষী উপ নিৰীক্ষক(নক্সল ৰোধী অভিযান) সুন্দৰৰাজ পিয়ে জনোৱা মতে, ৰায়পুৰৰ পৰা কমেও ৫০০ কি:মি দূৰত্বত অৱস্থিত দক্ষিণ সুকুমাৰ এখন জঙ্গলত সংঘটিত হোৱা সংঘৰ্ষস্থলীৰ পৰা এই পৰ্য্যন্ত ১৪ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে তেওঁ উল্লেখ কৰে যে, সংঘৰ্ষস্থলীৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰে।

সুৰক্ষাকৰ্মীয়ে সমগ্ৰ অঞ্চলটো ভালদৰে ঘেৰিলৈ মাওবাদীৰ বিপক্ষে অভিযান অব্যাহত এতিয়াও ৰাখিছে। লক্ষণীয় যে, মাওবাদীৰ লগত সংঘৰ্ষৰ এতিয়াও অব্যাহত আছে। উল্লেখ যে, মাওবাদীৰ শ্বহীদ সপ্তাহৰ পিছত আৰক্ষীয়ে এইটো ডাঙৰ সফলতা লাভ কৰিছে। পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে আৰু অধিক তথ্য পোৱাৰ সম্ভৱনা আছে।

Related posts

Leave a Comment