ঐতিহাসিক বাখৰ বেঙেনাই স্হান পালে ভাৰতীয় ডাকত

Sharing is caring!

বকতাবাসীলৈ বাবে ভাল খবৰ

ঐতিহাসিক বাখৰ বেঙেনাই স্হান পালে ভাৰতীয় ডাকত


অসম খবৰ, নাজিৰা, ১২ মে:-

ঐতিহাসিক শিৱসাগৰ জিলাৰ বকতা মৌজাৰ মধ্যমস্থলতেই অৱস্থিত ৫৮০ বছৰ পুৰণি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। এই গছজোপাৰ নামেৰে‌ই এই বৃহৎ অঞ্চলটোত গঢ় লৈ উঠিছে বহু অনুষ্ঠান-প্ৰতিষ্ঠান। সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ অহংকাৰ এই বাখৰবেঙেনা বৃক্ষ। এই বকতা বাখৰবেঙেনা বাসীৰ বাবে সু খবৰ তথা গৌৰৱৰ খবৰে সমগ্ৰ বকতাবাসীলৈ আহিছে। বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা বৃক্ষৰ ছবিয়ে স্হান পালে ভাৰতীয় ডাক বিভাগত৷ ৫৮০ বছৰ পুৰণি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনাৰ ছবি সম্বলিত হল ভাৰতীয় ডাকত৷ ৬ মে দেওবাৰে শিৱসাগৰ জিলাৰ বকতাৰ বিহু মঞ্চত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে উদ্বোধন কৰে ডাক বিভাগৰ এই বিশেষ পষ্টেল কভাৰটো। এই বাতৰিয়ে সমগ্ৰ জিলাখনৰ ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে।!ই!তিহাস প্ৰসিদ্ধ এই বাখৰ বেঙেনা গচজোপা ৰুইছিল বৰাহী ৰজা মহামাণিক্যই ৰাজ্যৰ সীমা নিৰৄপন কৰাৰ বাবে। একাংশৰ মতে আহোমৰ চুহুংমুং ৰজাৰ দিনত কোনোবা এজন বিষয়াই অচিন পুলিটি সযত্নে ৰাখে। গছৰ কাষৰ পৰা ভোমোৰা আলি নামৰ এটা আলি যোৱাৰ চিন আছে। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে বানফেৰা বা বানফ্ৰাই বংশৰ চিকন সৰিয়হৰ দেউতাক নাওবৈচা ফুকনৰ বসতি বাহৰ আৰু ৰজাঘৰৰ তৰফে দিয়া মাটিৰ সীমা এই গছৰ কাষলৈকে আছিল। একাংশৰ মতে চুটীয়া ৰজাই ৰাজ্যৰ সীমা দি এই গছজোপা ৰোপণ কৰি প্ৰতিজ্ঞা কৰিছিল “চুতীয়া ৰাজ্য থাকে মানে এই গছজোপা থাকিব “৷

Related posts