পাকিস্তানৰ কয়লা খনিত ভয়ংকৰ গেছ বিস্ফোৰণ: নিহত ৪

Sharing is caring!

নিউজ ডেস্ক@নতুন দিল্লী: সোমবাৰে দিনৰ ভাগত পাকিস্তানৰ সঞ্জদী গাঁৱৰ এটা কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ গেছ বিস্ফোৰণ। গেছ বিস্ফোৰণটোৰ ফলত খনিতটোত কৰ্মৰত ৪ জন কৰ্মী নিহত হোৱাৰ লগতে অন্য ১৩ জন কৰ্মী এতিয়াও কয়লা খনিটোত আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে।

বিস্ফোৰণটো পাকিস্তানৰ কেৱতা চহৰৰ পৰা প্ৰায় ৫০ কি:মি: দূৰত স্থিত সঞ্জদীত গাঁৱত সংঘটিত হৈছে। দেশখনৰ স্থানীয় আৰক্ষী অধীক্ষক ৱজীত খানে জনোৱা অনুসৰি কয়লা খনিটোত মিথেন গেছৰ প্ৰভাৱৰ ফলতে বিস্ফোৰণটো সংঘটিত হয় বুলি জনায়।

আৰক্ষী অধীক্ষক ৱজীত খানে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত আছে বুলিও জানিবলৈ দিয়ে যদিও বিষনাশক গেছৰ বাবে উদ্ধাৰ অভিযানত বাৰে বাৰে বাধাৰ সৃষ্টি হৈছে বুলি জনায়।

উদ্ধাৰকৰ্মীয়ে এতিয়ালৈ ৪ টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে অন্য ১৩ জন লোক এতিয়াও নিৰুদেশ হৈ আছে বুলি তথ্য লাভ কৰাৰ লগতে মৃত্যুৰ আশংকা প্ৰকট কৰিছে। উল্লেখ যে, সুৰক্ষা নিয়মসমূহ সুচাৰুভাৱে পালন নকৰাৰ ফলতে চুবুৰীয়া দেশখনত এই ধৰণৰ দুৰ্ঘটনা প্ৰায় সংঘটিত হোৱা দেখা যায়।

Related posts

Leave a Comment