স্বতন্ত্ৰতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ “ৰাষ্ট্ৰধ্বজ”ক লৈ দেশবাসীলৈ আহ্বান

দেশৰ ৭১ তম স্বাধীনতা দিৱসৰ আগমুহূর্তত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশবাসীলৈ দেশৰ ৰাষ্ট্ৰীয় পতকাখনক লৈ এক আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দেশবাসীক প্লাষ্টিকৰে নিৰ্মিত “ৰাষ্ট্ৰধ্বজ” ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহলৈ পৰামৰ্শ জাৰি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কয় যে, ” ৰাষ্ট্ৰধ্বজা ভাৰতবাসীৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। সেইবাবে ৰাষ্ট্ৰধ্বজাখনে সন্মানজনক স্থান পোৱা দৰকাৰ।”

গৃহমন্ত্ৰালয়ে লগতে এইটোও উল্লেখ কৰে যে, মহত্বপূৰ্ণ কাৰ্য্যক্ৰমসমূহত কাগজেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ সলনি প্লাষ্টিকেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। নিৰ্দেশনাত উল্লেখ কৰিছে যে, প্লাষ্টিকৰ পতকা কাগজৰ পতকাসমূহৰ দ্বাৰা জৈৱিক ৰূপেৰে অপঘটিত হোৱা বিধৰ নহয় আৰু প্লাষ্টিকৰ পতকা দীৰ্ঘদিনলৈকে অপঘটিত নহয়।

তেনেস্থলত প্লাষ্টিকৰ পতকাৰ উপযুক্ত নিস্তাৰণ পতকাখনৰ গৰিমাৰ অনুৰূপ সুনিশ্চিত হব নোৱাৰে। এইটোৱে হৈছে ব্যৱহাৰীক সমস্যা। ৰাষ্ট্ৰীয় সন্মানসমূহৰ অপমান ১৯৭১ ৰ ধাৰা ২ ৰ অনুযায়ী সাৰ্বজনীন স্থানত অথবা মানুহৰ দৃষ্টিত যিকোনো স্থানত দেশৰ ৰাষ্ট্ৰধ্বজাক জ্বলাই দিয়া, ভাগি-ছিনি পেলোৱা, বিকৃত কৰা, নষ্ট কৰা অথবা অন্য প্ৰকাৰে ৰাষ্ট্ৰধ্বজাৰ প্ৰতি অসন্মান জনাই তেন্তে দোষীৰ অধিকতম ৩ বছৰ পৰ্যন্ত কাৰদণ্ড হব পাৰে। তাৰোপৰি জৰিমনাও ভৰিব লগাত পৰিব পাৰে।

Related posts

Leave a Comment