দেশৰ সুৰক্ষা স্বাৰ্থৰ অর্থে নিৰ্মিত প্ৰথমটো মহিলা “SWAT” দল

Sharing is caring!

নিউজ ডেস্ক@ নিউ দিল্লী:- দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰক্ষীৰ অধীনত দেশৰ প্ৰথমটো SWAT (Special Weaponds And Tactics) নিৰ্মাণ কৰি উলিয়াইছে। এই মহিলা দলটোত ৩৬ গৰাকী মহিলা সদস্যা আছে আৰু লক্ষণীয় দিশটো এইযে প্ৰতিগৰাকী মহিলা উত্তৰ-পূৰ্বাঞ্চলৰ।

তেওঁলোকৰ কান্ধত দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দায়িত্ব আছে। এই মহিলা কামাণ্ডসকল NSG আৰু দিল্লী আৰক্ষীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত। একে-৪৭ আৰু এমপি৫ চবমেচিন গানৰ বিশেষও তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে।

কিন্তু তেওঁলোকৰ বাবে এই কামণ্ড যাত্ৰা ইমান সৰল নাছিল। এই মহিলা কামণ্ডসকলে আজিৰ এই পৰ্য্যায় পাবলৈ ভালেখিনি ত্যাগৰ বিনিময়ত তেওঁলোকৰ লক্ষ্যত উপনিত হোৱা বুলি জানিব দিয়ে।

প্ৰথমে নিজৰ পৰিয়ালটোৰ সন্মতিলৈ তাৰপাছত সমাজক ভুল প্ৰমাণ কৰি দেশৰ প্ৰথমটো মহিলা “SWAT” দলৰ সদস্যাৰ হোৱাৰ গৌৰৱ লাভ কৰিছে। অসম, ছিক্কিমকে ধৰি আন-আন উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলে এই দলটোত সদস্যা ৰূপে নিযুক্তি লাভ কৰিছে।

দেশৰ হকে নিজৰ কৰ্ত্যৱ আৰু দায়িত্ব এনেদৰে পালন কৰি যোৱাৰ আশাৰে অসম তথা অসম খবৰৰ ফালৰপৰা মহিলা “SWAT” দলটোলৈ অশেষ শুভেচ্ছা যাছিলো।

Related posts

Leave a Comment