স্বাধীনতা…

Sharing is caring!

“স্বাধীনতা দিৱস” 

বৰ্ণালী কলিতা, গুৱাহাটী

 

১৫ আগষ্ট ১৯৪৭ চন। এই দিনটো ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে খোদিত কৰা হৈছে। সেইদিনাই আমাৰ দেশত ব্ৰিটিছ শাসনৰ অন্ত পৰি আৰম্ভ হৈছিল স্বাধীন ভাৰতৰ এক নতুন দিগন্তৰ। মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ বাবে প্ৰায় ২০০ বছৰ কাল ৰাজত্বৰ অন্তত ব্ৰিটিছৰ গোলামীৰ পৰা ভাৰতে মুক্ত হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টৰ এই সৌভাগ্যশালী দিনটো। এই দিনটোৰ সাক্ষী হৈছিল ৪৫ কৌটি ভাৰতীয়ই।

দেশৰ স্বাধীনতাৰ অর্থে ভাৰতমাতাৰ অসংখ্য সন্তানে প্ৰাণ আহুতি দিছিল ব্ৰিটিছৰ বিৰুদ্ধে চলা স্বতন্ত্ৰতাৰ এই সংগ্ৰামখনত। স্বতন্ত্ৰতা সংগ্ৰামৰ নেতৃত্ব মহা-মানৱ মহাত্মা গান্ধীকে আদি কৰি বহু নেতাই আৰু এই সংগ্ৰামত জপিয়াই পৰিছিল দেশৰ জনগণ। মঙ্গল পাণ্ডে, মহাৰাণী লক্ষ্মী বাই, সুভাষ চন্দ্ৰ বসু, চন্দ্ৰ শেখৰ আজাদ, ভগৎ সিং, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভ ভাই পেটেল, লোকমান্য বাল গংগাধৰ তিলক, আব্দুল কালাম আজাদ, গোপীনাথ বৰদলৈ, কুশল কোঁৱৰ, কনকলতা ইত্যাদি অগণন লোকৰ বলিদানৰ প্ৰতীক স্বৰূপ ভাৰতৰ স্বাধীনতা।

দেশৰ স্বতন্ত্ৰতাৰ হকে কৰা তীব্র সংঘৰ্ষত প্ৰত্যেক ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে নিজৰ অধিকাৰসমূহৰ বাবে একগোট হৈছিল, লাগিলে তেওঁ যিকোনো ধৰ্ম, বৰ্ণ, জাতি, সংস্কৃতি বা পৰম্পৰাক নামানক কিয়। কিমান সন্তানৰ প্ৰাণৰ বিনিময়ত আজি আমি এনে এটা দিন দেখাৰ সৌভাগ্য প্ৰাপ্ত হৈছো। সচাই স্বাধীনতা অবিহনে জীৱন ব্যৰ্থ। পৰাধীন দেশ তথা দেশবাসী নিজৰ ইচ্ছা অনুযায়ী অনুকূল জীৱন অতিবাহিত কৰিব নোৱাৰে। আমাৰ দেশ ভাৰত দুই শতিকাৰ পৰিতন্ত্ৰতাৰ অন্তত স্বাধীন হৈছিল।

সেই উপলক্ষে প্ৰত্যেক বছৰৰ ১৫ আগষ্ট দিনতো স্বাধীনতা দিৱস ৰূপে পালন কৰি আহিছে আৰু এইটো আমাৰ ৰাষ্ট্ৰীয় উৎসৱ। ঘৰে-ঘৰে ৰাষ্ট্ৰীয় পতকা লগাই, ৰাষ্ট্ৰীয় সঙ্গীত অথবা দেশভক্তি গীত গাই অথবা যিকোনো সামাজিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এই দিনটো সমগ্ৰ দেশবাসীয়ে উদযাপন কৰে। ৰাষ্ট্ৰীয় গৌৰৱৰ এই পৰ্বটোত ভাৰত চৰকাৰে বহুত ধুম-ধমেৰে পালন কৰে। ভাৰতৰ ইতিহাস হাজাৰ বৰ্ষ পুৰণি। দীঘলীয়া ইতিহাসত ভাৰতে এনেকুৱা কেইবাটাও বিদেশী আক্ৰমণৰ সম্মুখীন হ’ব লগা হৈছিল।

অধিকতম বিদেশী আক্ৰমণকাৰীয়ে ইয়াতে বসবাস কৰি ভাৰতীয় সভ্যতা- সংস্কৃতিত এনেকৈ মিলি গৈছিল যে তেওঁলোক এইখন দেশৰে হয়। বিদেশীৰ দ্বাৰা ভাৰতীয় সভ্যতা- সংস্কৃতি আঁকোৱালি লোৱা পৰম্পৰা মাধ্যকালীন মোগলৰ শাসনকাললৈ এনেদৰে চলি আছিল। কিন্তু ১৮ শ শতিকাত যেতিয়া ব্ৰিটিছে ভাৰতৰ কিছু কিছু অংশত নিজৰ অধিকাৰলৈ নিয়ে তেতিয়া প্ৰথমবাৰৰ বাবে দেশবাসীৰ পৰাধীনতাৰ অনুভৱ হয়।

এতিয়ালৈকে সকলো বিদেশী আক্ৰমণকাৰীয়ে ভাৰতক নিজৰ দেশ ৰূপে স্বীকাৰ কৰি শাসন কৰিছিল কিন্তু ইংৰাজে ভাৰতত অধিকাৰ কৰাৰ পাছত নিজৰ দেশ ইংলেণ্ডক ধন্য- ধান্যৰে সম্পন্ন কৰাৰ অৰ্থে ভাৰতৰ ওপৰত শোষণ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু ১৯ শতিকালৈ ইংৰাজে সমগ্র দেখতে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হোৱাত তেওঁলোকৰ অত্যাচাৰ দিনক দিনে দেশবাসীৰ ওপৰত বাঢ়িবলৈ ধৰিছিল।

ভাৰত পৰাধীনতাৰ শিকলিৰে বন্ধা পৰিলক্ষিত হৈছিল।এই সংগ্ৰাম ১৯ শতিকাৰ মধ্যৰ পৰা আৰম্ভ হৈছিল। শতিকাৰ পৰিতন্ত্ৰতাৰ পাছত যেতিয়া ১৫ আগষ্ট ১৯৪৭ চনৰ এই ঐতিহাসিক দিনটোত ভাৰতে স্বাধীন হয় তেতিয়া দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লালকিল্লাৰ প্রাচীৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতকা উৰুৱাইছিল। জাতীয় পতকাখনক ২১ টা টোপৰ চালামী দিছিল।

Related posts

Leave a Comment