জনগোষ্ঠীয় ঐক্য মঞ্চৰ কলা দিৱস

Sharing is caring!

অসমৰ ছয় জনগোষ্ঠী মৰাণ, মটক, তাই আহোম, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনজাতিক জনজাতিকৰন প্ৰদানৰ দাবীত দীৰ্ঘদিনীয়া প্ৰতিবাদ কৰি অহাৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠী কেইটাৰ প্ৰতি মাহীআই দৃষ্টিৰে চাই আছে।

নিৰ্বাচনৰ আগমুহূৰ্ত প্ৰতিবছৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা চৰকাৰ খনৰ প্ৰতি জাঙুৰ খাই উঠিছে জনগোষ্ঠী কেইটা।  দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত  জনগোষ্ঠীয় ঐক্য মঞ্চই পালন কৰিছে ক’লা দিৱস।

তিনিচুকীয়াৰ আই,টি,আই খেলপথাৰত অনুষ্ঠিত কৰা ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে আগমনৰ সময়তেই আজি পুৱাৰে পৰা আটাইকেকটা জনগোষ্ঠীয় প্ৰতিনিধিয়ে তিনিচুকীয়া থানা চাৰিআলিত ক’লা দিৱস পালন কৰে জনগোষ্ঠীয় ঐক্য মঞ্চই

Related posts

Leave a Comment