স্বাধীনতা দিৱস বিশেষ লেখা

স্বাধীনতা দিৱস বিশেষ লেখা

আজিৰ পৰা বাসত্তৰ বছৰ পূৰ্বে ভাৰতবর্ষই যি স্বাধীনতা লাভ কৰি ভাৰতবর্ষৰ প্ৰতিজন লোকৰ বাবে প্ৰতিটো জাতিৰ হকে স্বাধীন ভাৰতৰ থলী দেখুৱালে সেইয়া সচাকৈ ইতিহাসৰ পাতত সোণালী আখৰে লিখা এটি ৰঙীন পৃষ্ঠা।যি ইতিহাসৰ পৃষ্ঠা আজিওঁ সমগ্র দেশে গৌৰৱেৰে উনুকিয়াই গৌৰম্বাৱিত হৈ উৎসৱমুখী পৰিবেশত ১৫ আগষ্টক উল্লাসেৰে আদৰে।আজি এই আনন্দময়ী দেশৰ নামত অৰ্পন কৰা এই দিনটি উপভোগ কৰিব পৰাকৈ যিসকল লোকে আমালৈ তথা সমগ্র দেশখনক উপহাৰ স্বৰূপে দি থৈ গল সেই আন্দোলনত সেই বীৰসকলৰ অবদানেই সুকীয়া আছিল।

তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতাৰ নামত কৰা ত্যাগ, সংগ্ৰাম,  দেশপ্ৰেম আৰু সৎসাহস প্ৰতিজন ভাৰতীয়ৰ বাবে নিৰ্দশন হোৱা উচিত।এটা শক্তিশালী জাতিৰ পৰা এখন পৰাধীন দেশ স্বাধীন কৰি কাঢ়ি অনাত সেই সকল দেশপ্ৰেমী বীৰ স্বহীদৰ যি অবদান আছিল সেয়া কলমেৰে বৰ্ণোৱাতো এপাচি শাকত এটা জালুকৰ লেখীয়া হব।

” প্ৰণামো সেইসকল স্বহীদ বীৰক যিয়ে আমাক এখন স্বাধীন দেশত জন্ম লৈয়ে এটি স্বাধীন হাহি মাৰি সেউজ ধুনীয়া ভাৰতবৰ্ষত গৰ্বিত হৈ জন্ম লোৱাৰ সুবিধা দিলে।”

” এই দেশ আমাৰ, ভাৰত ভূমি আমাৰ, ভাৰতবৰ্ষৰ দায়িত্ব আমাৰ, ভাৰতীয় নাগৰিক আমি, ভাৰতবৰ্ষৰ গৰ্ব আমাৰ”

 

🇮🇳স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছাৰে….🇮

 

 

         ধৰিত্ৰী শ্ৰাৱণ

Related posts

Leave a Comment