ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থান ৷ 

Sharing is caring!

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থান ৷ 

অসম খৱৰ , ১৬ আগষ্ট : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আজি এই পৃথিৱীৰ পৰা মহাপ্ৰস্থান ঘটিছে ৷ বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা ৯ সপ্তাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল ৷ ১১ জুনত তেওঁক AIIMS ভৰ্ত্তি কৰোৱা হৈছিল আৰু সেইদিনাৰ পৰা চিকিৎসাধীন হৈ থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি AIIMS শেষনিশ্বাস ত্যাগ কৰে ৷ ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্ম গ্ৰহন কৰিছিল আৰু আজি ২০১৮ চনৰ ১৬ আগষ্ট তাৰিখে ,  ৯৩  বছৰত তেওঁ মহাপ্ৰস্থান ঘটে ৷ মূল্যবোধৰ ৰাজনীতিৰ অন্যতম বাটকটীয়া আছিল অটল বিহাৰী বাজপেয়ী ৷ ভাৰতৰ দশম প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী ৷ ৩ বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আশন অলংকৃত কৰিছিল বাজপেয়ীয়ে ৷ ১৯৯৬ ত ১৩  দিনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল ৷ ১৯৯৮ – ৯৯ চনতো পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আশন অলংকৃত কৰিছিল আৰু আজি সেই “এটা যুগৰ অৱসান ঘটিল ” ৷  অসম খৱৰ পৰিয়ালৰ হৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি  কামনা কৰিলোঁ ৷

 

তেজপুৰৰ পৰা মৃন্ময় শইকীয়া ৷

Related posts

Leave a Comment