মানৱদৰদী ৰাজনীতিবিদ নতুন ভাৰত নিৰ্মাতা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শিৱসাগৰবাসীৰ ।

Sharing is caring!

মানৱদৰদী ৰাজনীতিবিদ নতুন ভাৰত নিৰ্মাতা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শিৱসাগৰবাসীৰ ।

 

অসম খবৰ উজনিঅসম 

 

মানৱদৰদী ৰাজনৈতিক নেতা তথা নতুন ভাৰত নিৰ্মাতা, আদৰ্শবাদী ও মূল্যবোধ ৰাজনীতিৰ পিতামহ , বিচক্ষণ  নেতা দেশৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰি দেশৰ ৰাজনৈতিক নেতাসকলৰ বাবে এক আদৰ্শ নজিৰ ৰাখি থৈ যোৱা  জনপ্ৰিয় নেতা অটল বিহাৰী বাজপেয়ীৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে শিৱসাগৰ বৌদ্ধিক সমাজে । ন সপ্তাহ ধৰি দিল্লীৰ এইমছ চিকি$সালয়ত চিকি$সাৰত অৱস্থাত আজি বিয়লী ৫ বাজি ৫ মিনিটত  শেষ নিশ্বাহ ত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শিৱসাগৰটো শোকৰ ছাঃ পৰে | এইজনা ৯৪ বছৰীয়া বৰ্ষীয়ান মহান পুৰুষৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ ভুমিকা পালন কৰি  এগৰাকী আদৰ্শবান ৰাজনৈতিক  নেতাৰ মৃত্যুৰ বাতৰিয়ে সকলোৰে মনত  প্ৰাৰণ চুই গল । এগৰাকী ৰাজনৈতিক কলংক নথকা মহান ৰাজনৈতিক নেতাৰ মৃত্যুত আজি ভাৰতবৰ্ষৰ ৰাজনীতিৰ এটা যুগ অন্ত পেলাই দেশৰ অপূৰণীয় ক্ষতি হল তাক নুই কৰিব নোৱাৰি |   ৰাজনীতিৰ জগত খনত গণতন্ত্ৰৰ এটি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অটল বিহাৰী বাজপেয়ীৰ অৱদান অতুলনীয় আছিল |   জীৱনৰ শেষ মুহুৰ্তলৈকে সমাজৰ বাবে চিন্তা কৰা  মহান ৰাজনীতিবিদ, কবি, সাহিত্যিক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত  গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছে শিৱসাগৰবাসীয়ে |

Related posts

Leave a Comment