সতীৰ্থ’৯৭ ৰ সৈতে  কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলে  পালন কৰিলে ৭২ তম স্বাধীনতা দিৱস। 

Sharing is caring!

সতীৰ্থ’৯৭ ৰ সৈতে  কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলে  পালন কৰিলে ৭২ তম স্বাধীনতা দিৱস। 

 

অসম খবৰ , উজনি অসম 

দেশৰ ৭২ তম স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত সতীৰ্থ’ ৯৭ এক ব্যতিক্ৰমী কাৰ্য্যসুচী ৰূপায়ন কৰে। পালন কৰে কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ লগত স্বাধীনতা দিৱস। 

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকল পুনৰ মিলিত হৈ সতীৰ্থ’ ৯৭ নামৰ এক অনুষ্ঠানৰ জন্ম দিয়ে আৰু শিৱসাগৰত সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক উন্নতিৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহা এই অনুষ্ঠানটোৱে স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰ চহৰৰ সমীপৰ ৰংঘৰ চাৰি আলিত থকা কৌমুদালয় নামৰ বিশেষ ভাৱে সক্ষম শিশুৰ আশ্ৰয় গৃহত শিশুসকলৰ লগত পতকা উত্তোলনৰ কাৰ্য্যসূচীত ভাগ লোৱাৰ লগতে শিশু সকলৰ মাজত ফল মূল মিঠাই, মৰ্টন, চকলেট, ব্ৰনভিটা, কিতাপ বহী, পেঞ্চিল,ৰবৰ,  ৰং পেঞ্চিল আদি সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰতি গৰাকী শিশুক একোটাকৈ স্পৰ্টিং উপহাৰ হিচাপে প্ৰদান কৰে। উপহাৰ হিচাপে পোৱা স্পৰ্টিং টো পিন্ধি শিশু সকল আনন্দত আত্মহাৰা হৈ পৰে। আনহাতে

 পতাকা উত্তোলনৰ সময়ত কৌমুদালয়ৰ এই বিশেষ ভাৱে সক্ষম শিশু সকলে গোৱা ৰাষ্ট্ৰীয় সংগীতটোৱে সকলোৰে মন মুহিলে। তাৰোপৰি কৌমুদালয়ৰ অধ্যক্ষা ৰুণজুন চেতিয়াৰ লগত শিশু সকলে চা’ৰে জাহা চে আচ্চা গীতটো পৰিবেশন কৰে  আৰু “বন্দে মাতৰম” গীতৰ তালে তালে এই বিশেষ ভাৱে সক্ষম শিশু হতে এটি সুন্দৰ নৃত্য অনুষ্ঠান পৰিবেশন কৰে।  ইয়াৰ উপৰিও সতীৰ্থ’৯৭ য়ে ন-পুখুৰীৰ পাৰত থকা চৰকাৰৰ অধীনৰ বিশেষ ভাৱে সক্ষম ব্যক্তিৰ আশ্ৰয় গৃহত যায় আৰু তাত থকা ৮ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিক ফলমূল মিঠাই আদি কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু তেওঁলোকৰ মনৰ বুজ লয় ।

Related posts

Leave a Comment