গহপুৰত ই-মেগাজিন প্ৰকাশৰ প্ৰস্তুতি

Sharing is caring!

               

গহপুৰত ই-মেগাজিন প্ৰকাশৰ প্ৰস্তুতি

গহপুৰ

বিশিষ্ট কবি, সাহিত্যিক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ‍্যাপক ড° ভাস্কৰজ‍্যোতি গগৈৰ নেতৃত্বত গহপুৰৰ কেইগৰাকীমান উদীয়মান সাহিত‍্যসেৱী যুৱকে ‘ঢৌ’ নামেৰে এখন ই- মেগাজিন প্ৰকাশৰ প্ৰস্তুতি চলাইছে ।

এই সন্দৰ্ভত ই-মেগাজিনখনৰ ব‍্যৱস্থাপক পৰাশ শইকীয়াই জানিবলৈ দিয়া মতে, গহপুৰৰ অন‍্যতম সক্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান নিৰপেক্ষ গহপুৰ’ৰ দ্বাৰা প্ৰকাশিতব‍্য ই-মেগাজিনখনৰ প্ৰথম সংখ‍্যাটো অহা ৩০ আগষ্টত প্ৰকাশ পাব । ড° ভাস্কৰজ‍্যোতি গগৈ মুখ্য সম্পাদক, বিপ্লৱ নেওগ, হেমন্ত বৰুৱা সম্পাদক আৰু অভিজিত বৰা প্ৰচাৰ সম্পাদকৰ দায়িত্বত থকা ই-মেগাজিনখনত ছাত্র-ছাত্ৰীৰ লেখা প্ৰকাশৰ বাবে দুটা পৃষ্ঠা সংৰক্ষিত থাকিব ।

বৌদ্ধিক যাত্ৰাৰ প্ৰয়াসেৰে অহা নৱপ্ৰজন্মক উৎসাহিত কৰাৰ মানসেৰে প্ৰকাশ কৰিবলগীয়া ই-মেগাজিনখনত প্ৰকাশ কৰিবলগীয়া ই-মেগাজিনখনত প্ৰকাশৰ বাবে গল্প,কবিতা, প্ৰৱন্ধ, নাটক, অনুভৱ লেখা,অনুবাদ সাহিত্য, ব‍্যংগ সাহিত্য আদি উদ‍্যোক্তাসকলে আহ্বান কৰিছে ।

লেখাসমূহ মেঈলযোগে nirpekhyagohpur17@gmail.com ত প্ৰেৰণ কৰিব পাৰিব । বিশদ তথ্যৰ বাবে ইচ্ছুক লেখক-লেখিকাক ৭৮৯৬৫২১৪৪৪ নম্বৰত যোগাযোগ কৰিবৰ বাবে উদ‍্যোক্তাসকলে আহ্বান জনাইছে ।

Leave a Comment