চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন 

Sharing is caring!

চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বৰ্ষপূৰ্তি সম্পন্ন

 

যোৱা ইংৰাজী ১৬ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে বিশ্বনাথৰ কোছঁগাঁওত অবস্থিত চেম্পিয়নছ মেকাৰ একাডেমীয়ে ৷

একাডেমী খনৰ সঞ্চালক ৰাষ্ট্ৰীয় প্ৰয্যায়ৰ প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় সমৰকলাবিদ হৃদয়ানন্দ দাস আৰু সহকাৰী প্ৰশিক্ষক মনোজ মেধীৰ প্ৰশিক্ষনত কাৰাটে, টাইকোৱানডো, মুইথাই, চৈকোৱাংডো, কিক্ বক্সিং ৰ বিভিন্ন প্ৰতিযোগিতাত এই কেন্দ্ৰটিৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহন কৰি শতাধিক পদক জিলা প্ৰয্যায়ত, ২৫ টা পদক ৰাজ্যিক প্ৰয্যায়ত, ১১টা পদক ৰাষ্ট্ৰীয় প্ৰয্যায়ত (৬টা সোন ৩ ৰূপ ২ টা ব্ৰঞ্জৰ) আৰু আন্তৰাষ্ট্ৰীয় প্ৰয্যায়ত ৪টা (১সোন, ১ৰূপ আৰু ২টা ব্ৰঞ্জ) পদক জিকি একাডেমী খনৰ লগতে বিশ্বনাথ জিলা আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

অতি কম সময়ৰ ভিতৰত একাডেমী খনে উত্তৰ পূব ভাৰত চৈ কোৱাং ডো কৰ্মশালাও অনুষ্ঠিত কৰে ৷ কেন্দ্ৰটোৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বিশ্বনাথ আৰু শোনিতপুৰ জিলাৰ জিলা ক্ৰীড়া বিষয়া মনোৰমা দাস ৷

জিলা ক্ৰীড়া বিষয়াগৰাকীয়ে কেন্দ্ৰটিৰ ভূয়সী প্ৰশংশা কৰি কয় অনাগত দিনত এই কেন্দ্ৰটি সমগ্ৰ ভাৰতবৰ্ষৰ জিলিকি উঠিব আৰু তেখেতৰ পূৰ্ণ সহযোগীতা কেন্দ্ৰটোৰ প্ৰতি সদায়ে থাকিব ৷

উক্ত অনুস্থানত উপস্থিত থাকে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱা, জিলাখনৰ এখন আগশাৰী নাৰ্চিংহোম সঞ্জীৱনী হস্পিটালৰ স্বত্বাধিকাৰী শ্বপ্না সৰকাৰ, টংকেশ্বৰ ওজা, প্ৰশান্ত ৰংহং ৰ লগতে অভিভাৱক সকল উপস্থিত থাকে ৷

Related posts

Leave a Comment