জামুগুৰিহাটত উন্মুক্ত ট্ৰেনচফৰমাৰক লৈ শংকা যিকোনো মূহুৰ্ত্ততে হব পাৰে দুৰ্ঘটনা    

Sharing is caring!

জামুগুৰিহাটত উন্মুক্ত ট্ৰেনচফৰমাৰক লৈ শংকা যিকোনো মূহুৰ্ত্ততে হব পাৰে দুৰ্ঘটনা    

       অসম খবৰ, জামুগুৰিহাট ১৯আগষ্ট-জামুগুৰিহাটত যিকোনো মূহুৰ্ত্ততে সংঘটিত হব পাৰে এক ভয়ংকৰ দূৰ্ঘটনা ।হয় অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ জামুগুৰিহাটস্হ কায্যলয়টোৰ চুড়ান্ত হেমাহিৰ বাবেই বৃহত্তৰ অঞ্চলটোত যিকোনো মূহুৰ্ত্ততে সংঘটিত হব পাৰে যিকোনো ঘটনা।জামুগুৰিহাটৰ দৈনিক বজাৰৰ ওচৰৰ দাদুল হোমিঅ ফাৰ্মাচীৰ সন্মুখৰ ট্ৰেন্সফৰমাৰটোৱেই অঞ্চলটোৰ বহু পৰিয়াললৈ কঢ়িয়াই আনিব পাৰে কাল অমানিশা ।বিদ্যুত বিভাগৰ অকৰ্মণ্যতা আৰু হেমাহিৰ বাবেই বহু উচ্চ ক্ষমতাসম্পন্ন এই ট্ৰেণচফৰমাৰটো হাবি জংঘলেৰে আবৰি ধৰিছে।কোনো ধৰনৰ আবুৰ নথকা এই ট্ৰেণচফৰমাৰটোৰ তলতেই আনকি বৃহস্পতিবাৰে জামুগুৰিহাটত বহা সাপ্তাহিক বজাৰখনৰ বহু ব্যৱসায়ীয়ে বস্তাত বহি ব্যৱসায় কৰে ।তদুপৰি সেই স্থানতে প্ৰতিদিনেই কেবাজনো ব্যৱসায়ীয়ে বিয়লিৰ ভাগত বিভিন্ন ধৰণৰ ব্যৱসায়ো চলাই আহিছে ।একেদৰে জামুগুৰিহাটৰ প্ৰতিষ্ঠিত হোমিঅ চিকিৎসক দাদুল বৰুৱাৰ হোমিঅ প্ৰতিষ্ঠানখনো সেই বিপদজনক ট্ৰেন্সফৰমাৰটোৰ  তলতেই আছে ।জামুগুৰি মুলকেন্দ্ৰৰ পৰা পাতলৰচুক লৈ যোৱা ঘাইপথটোৰ গাতে লাগি থকা এই ট্ৰেন্সফৰমাৰটোৰ চৌদিশে মানুহৰ বসতিস্থল যদিও বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কিন্তু এবাৰলৈও চকু দিয়া নাই ।ৰাইজে বিভাগক সেই উন্মুক্ত ট্ৰেনচফৰমাৰটোৰ চৌদিশে বেৰা দি হাবি জংঘলবোৰ চাফা কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে যদিও বিভাগে আজিলৈকে এইক্ষেত্ৰত কোনোধৰনৰ গুৰুত্ব আৰোপ কৰা নাই ।যাৰ ফলত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ।আনকি বৰষুণ বতৰত একমাত্ৰ ট্ৰেনচফৰমাৰটোৰ কাৰনেই দাদুল হোমিঅ ফাৰ্মাচীখন বন্ধ ৰাখিব লগীয়া অবস্থা হয়।সেইদৰে ওচৰ চুবুৰীয়াইও নিশা গাজনি ঢ়েৰেকণি আহিলে উজাগৰী নিশা কটাব লগীয়া হয়।মুকলিকৈ ঘুৰি ফুৰা গৰু ছাগলীৰ বাবেটো আৰু শংকাৰ কাৰণ হৈ পৰিছে এই ট্ৰেনচফৰমাৰটো।পিছে বিদ্যুত বিভাগৰহে আহৰি নাই এইটো চাবলৈ ।ৰাইজৰ দাবী মৰনফান্দ সদৃশ এই ট্ৰেন্সফৰমাৰটো হয় সেই স্থানৰ পৰা আতৰাই নিয়ক নহলে ইয়াৰ চৌদিশে বেৰা দি ৰাইজৰ শংকা দুৰ কৰক।  

           জোন বৰা, জামুগুৰিহাট

Related posts

Leave a Comment