পূৱ বুৰৈত আছুৰ শৈক্ষিক সভা/আছু গোট গঠন

Sharing is caring!

পূৱ বুৰৈত আছুৰ শৈক্ষিক সভা/আছু গোট গঠন

 

অসম খবৰ,গহপুৰ,১৯ আগষ্ট : গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত টকৌবাৰীস্থিত পূৰ্ৱ বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত পূৰ্ব বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ উদ‍্যোগত আজি বিয়লি এখন শৈক্ষিক সভা অনুষ্ঠিত হয় । পূৱ বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ সভাষত দীপক বৰাৰ সভাপতিত্বত সম্পাদক ৰীংকু দাসে আঁত ধৰা সভাখনত বিদ‍্যালয়খনৰ শতাধিক ছাত্র-ছাত্ৰী উপস্থিত থাকে । সভাখনত মুখ্য অতিথিৰ আসনৰ পৰা চমু বক্তব্য প্ৰদান কৰি গহপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি ভূবনেশ্বৰ তাঁতীয়ে শিক্ষাই এটা জাতিৰ অগ্ৰগতিৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰি জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ বাবে প্ৰতিযোগিতামুখী মনোবৃত্তিৰে শিক্ষাব্ৰতী হ’বৰ বাবে শিক্ষাৰ্থীসকলক আহ্বান জনায় । পূৱ বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ উপ সভাপতি গোপাল গগৈয়েও চমু শৈক্ষিক ব‍ক্তব‍্য প্ৰদান কৰা সভাখনত শোণিতপুৰ জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য আকাশ পাল,আঞ্চলিক সমিতিখনৰ প্ৰচাৰ সম্পাদক অনন্ত হাজৰিকাসহ আছুৰ একাধিক বিষয় ববীয়া উপস্থিত থাকে । অন‍্য হাতেদি শৈক্ষিক সভাখনৰ অন্তত পূৱ বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ আছু গোটৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।সভাখনত আছু গোটৰ সাংগঠনিক দিশৰ সন্দৰ্ভত একাধিক সদস্য/সদস‍্যাই ব‍ক্তব‍্য প্ৰদান কৰাৰ পাছত আলোচনামৰ্মে আৰু সৰ্ব সন্মতিক্ৰমে হীমাংশু বৰাক সভাপতি, ভূবন ছেত্ৰীক সম্পাদক হিচাপে লৈ পূৱ বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ আছু গোটৰ ৩১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

Related posts

Leave a Comment