বিষয়ঃ-নাটক

Sharing is caring!

#_বিষয়#_নাটক

সৰুৰে পৰা “নাটক” ভাল পাওঁ …. নাটকত বা মঞ্চত পোনপটীয়াকৈ অভিনয় নকৰিলেও গুৰুজনা সৃষ্ট ভাওনা ত ল’ৰালিৰ পৰাই সৰু বৰ বিভিন্ন চৰিত্ৰত ভাও দি আহিছো ৷ বুজা হোৱাৰে আমাৰ অঞ্চলটোত বিভিন্ন অপেছাদাৰী নাট্যগোষ্ঠীয়ে কৰা নাটক, বিহুৱে পূজাই গাঁৱে গাঁৱে কৰা নাটক, ভ্ৰাম্যমান থিয়েটাৰৰ নাটকবোৰ নিয়মিয়াকৈ উপভোগ কৰি আহিছো ৷ আমাৰ পৰিয়ালটোৰ অধিকাংশ অগ্ৰজ অভিনয়ৰ পৰা নাটক লিখালৈকে নাট্যক্ষেত্ৰৰ সৈতে জড়িত ৷ নাটকৰ প্ৰতি এই টানটো হয়তু মোৰ তেজতে থকা ৷ সেই সূত্ৰেই নাট্য-প্ৰীতিৰ বীজটো কিজানি সৰুৰ পৰাই অংকুৰিত হৈছিল ৷ সেই বীজটোৱেই কালক্ৰমত পোখা মেলিলে ৷ সৰুৰে পৰা সান্নিধ্য লাভ কৰিলো অসমৰ বহু কেইগৰাকী খ্যাতনামা নাট্যকাৰ, পৰিচালক, সুদক্ষ অভিনেতা – নাট্যকৰ্মীৰ ৷ সেইসকল শ্ৰদ্ধেয় অগ্ৰজ নাট্যকৰ্মীৰ লগত অহৰহ নাটক সম্পৰ্কত কৰা বিভিন্ন আলোচনাই নাট্য সাহিত্যৰ ভিতৰচ’ৰাত প্ৰৱেশ কৰিবলৈ উদগনি যোগালে ৷ নাটকৰ আৰু বেছি কাষ চাপি গ’লো ৷ নাটক সম্পৰ্কীয় বিস্তৃত অধ্যয়ণৰ বাবে লাহে লাহে অসমৰ লগতে দেশ বিদেশৰ নাট্য সাহিত্যৰ কালজয়ী নাট্যকৰ্ম, নাট্যকাৰ সকলৰ ওপৰত অধ্যয়ণ কৰিলো, সেই নাট সমূহৰ অধ্যয়ণৰ লগতে আলোচনাৰ মেজলৈ আনি হাতত কলম তুলি লৈ দুই এটা লেখা লিখিবলৈ ল’লো ৷ এনেদৰেই নাটক সম্পৰ্কীয় যথাসাধ্য কিছু অধ্যয়ণ, আলোচনা, লেখা মেলাৰে মোৰ নাটকৰ সৈতে থকা সম্পৰ্কক আগবঢ়াই নিয়াৰ অহৰহ প্ৰয়াস কৰি আহিছো ৷ নাটক ৰ প্ৰতি থকা এই টান টোৰ বাবেই মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা – নাট্য সাহিত্য সম্পৰ্কীয় কিছু আলোচনাৰে অতি শীঘ্ৰেই আপোনাসৱলৈ আগৱঢ়াম মোৰ নৱতম ষষ্ঠ গ্ৰন্থ –

আপোনাসৱৰ আশীৰ্বাদ আৰু শুভকামনা কামনা কৰিছো ৷

Related posts

Leave a Comment