বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ৭৪ তম ৰাজীৱ গান্ধী দেৱৰ জন্ম জয়ন্তী পালন 

Sharing is caring!

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ৭৪ তম ৰাজীৱ গান্ধী দেৱৰ জন্ম জয়ন্তী পালন 

সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত ২০ আগষ্ট তাৰিখ ৰাতিপুৱা ৯.০০ বজাত নয়াহাট ৰাজীৱ ভৱনত ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী দেৱৰ ৭৪তম জন্ম জয়ন্তী উপলক্ষে সদ্ভাৱনাযাত্রা কৰা হয়। ৰাতি পুৱা ৯.০০ বজাত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী দেৱক শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰাৰ লগতে মাল্যপৰ্ন্য ফুল আদিৰে পুষ্পাঞ্জলি জনোৱা হয়। প্ৰয়াত নেতা গৰাকীক মাল্যপৰ্ন্য কৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে (আলকাছ)। বিয়লি ৩.০০ বজাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছ কৰ্মী আৰু কংগ্ৰেছৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকলৰ  উপস্থিতিত যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে বৃক্ষ ৰোপন কৰাৰ লগতে  ৰাইজৰ মাজত এহেজাৰ গছ পুলি বিতৰণ কৰে। 

বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলাম প্ৰতিবেদন

Related posts

Leave a Comment