দেৰগাঁৱত কৃষ্ণচূড়ায়ে কান্দিছে। কৌতূহল দেৰগাঁৱত

Sharing is caring!

দেৰগাঁৱত কৃষ্ণচূড়ায়ে কান্দিছে। কৌতূহল দেৰগাঁৱত ।।।

দেৰগাঁৱৰ পৰা অৰুপ কুমাৰ ৰায়  ৰিপৰ্ট, ২০আগষ্ট

 

এই খন পৃথিৱীত বিভিন্ন ধৰণৰ আজৱ ঘটনা সঘনাই সংগঠিত হৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। তাৰে কিছুমান ঘটনাৰ বিজ্ঞান সন্মত ভিত্তি থাকে যদিও প্ৰায় ভাগ ঘটনাৰ   অন্ধবিশ্বাসৰ বসবৰ্তী হৈ জনসাধাৰণে জলাকলা খাই বিপথে পৰিছালিত হোৱাৰো ঘটনা সংগঠিত হয়। বিজ্ঞান প্ৰযুক্তিৰ ভৰ পুক সময়ত যত মানুহে চন্দ্ৰ, সূৰ্যত ,মংগল গ্ৰহত বসবাস কৰিবলৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে তেনে সময়ত এজোপা প্ৰায় ২৫বছৰীয়া কৃষ্ণচুড়া গছে দেৰগাঁৱত সকলো জনসাধাৰণৰ বাবে কৌটুহলৰ বিষয় হৈ পৰিছে। উল্লেখ যোগ্য যে দেৰগাঁৱৰ সশষ্ট অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত এজোপা প্ৰায় ২৫বছৰীয়া কৃষ্ণচূড়া গছে আজি বহু দিনৰ পৰা মাজে মাজে গছজোপাৰ গা গছৰ মাজৰ পৰা অহৰহ পানী নিগৰি থকা ঘটনা সংগঠিত হৈ আছে। স্থানীয় ৰাইজে এই  ঘটনাটো ইতিমধ্যেই বিভিন্ন ধৰনেৰে কবলৈ আৰম্ভ কৰিছে । সচেতন ব্যক্তি তথা সশষ্ট আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় কৰ্মচাৰী কৃষ্ণ শমাই কৃষ্ণচূড়া জোপাৰ পৰা পানী নিগৰি থকা নিজ চকুৰে প্ৰত্যক্ষ কৰে আৰু গছজোপাই কান্দিছে বুলি উল্লেখ কৰিছে। এনেদৰে সঘনাই উক্ত গছ জোপাৰ পৰা পানী নিগৰি থকা অথবা কৃষ্ণ চূড়াই কান্দি থকা ঘটনাই  অধিক ৰহস্যৰ সৃষ্টি কৰিছে। পৰবৰ্তী সময়ত এই বিষ্ময় কৃষ্ণচূড়া গছ জোপাই কি ৰূপ লয় সেয়াহে লক্ষ্যনীয় বিষয় হৈ পৰিব।

Related posts

Leave a Comment