ভূৰবন্ধাৰ ইউ বি আই বেংকত চুৰি চেক্ সহ এজনক আতক।

ভূৰবন্ধাৰ ইউ বি আই বেংকত চুৰি চেক্ সহ এজনক আতক।

মৰিগাঁও পৰা পুলিন কাকতি  ,২০ আগষ্ট : 

মৰিগাঁও জিলাৰ সদৰ থানা অন্তৰ্গত ভূৰবন্ধা ইউ বি আই বেংকত আজি দিনৰ প্ৰায় এঘাৰ  মান বজাত চুৰি চেক্ সহ লাহৰিঘাত থানা অন্তৰ্গত বৰবৰি গাৱঁৰ নুৰুদ্দিন নামৰ এজন চুৰক বেংকটোৰ কৰ্মচাৰী তথা গ্ৰাহক সকলে আটক কৰিবলৈ সক্ষম হয়।

জানিবঁ পৰা যায় যে গণপতি দলৈ নামৰ ব্যবসায়ী জনে তেওঁ ভূৰবন্ধাৰ বেংকত থকা নিজা একাউন্টৰ ‍১০৭০০ টকাৰ চেক্ এখন ব্যবসায়ী দেনা-পাওনা বাবে দুইদিনৰ আগতে মৰিগাঁও শ্যাম ভাণ্ডাৰ ব্যবসায়ী স্বতাধিকাৰিক দিয়ে ,সেই চেক্ খনৰ সহ প্ৰায় ছাবিছ হাজাৰ টকা নিজা ব্যবসায়ী কেচ-বাকচত থই যাই ।পিছত ১৯ আগষ্ট দিনা পুৱা দহ মান বজাত আহি বাকচত চেক্ খন দেখঁা নাপাই গণপতি দলৈ লগত যোগাযোগ কৰাত গণপতি দলৈয়ে বেংক কৰ্তৃপক্ষক এই বিষয়টো অবগত কৰে ।আৰু আজি দিনৰ প্ৰায় এঘাৰমান বজাত নুৰুদ্দিন নামৰ চুৰজনে উক্ত চেক্ খন লৈ ভূৰবন্ধাৰ ইউ বি আইত উপস্হিত হৈ চেক্ খন বেংকৰ গাণনিক বিষয়া হাতত দিওতে বেংকৰ কৰ্মচাৰী সকলে উপস্হিত গ্ৰাহক সকলৰ সহায়ত চুৰ জনক আটক কৰি মৰিগাঁও সদৰ থানাৰ লগত যোগাযোগ কৰাত থানা ভাৰপ্ৰাপ্ত বিষয়া সহ এদল আৰক্ষী আহি চুৰ জনক থানলৈ লৈ যায়।

Related posts

Leave a Comment