প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী

প্ৰাপ্য  বেতনৰ পৰা বঞ্চিত এন,আৰ,চি, কৰ্মচাৰী

দৰমহাৰ দাবিত চক্ৰ বিষয়াৰ যোগেদি উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ

 অৰূপ শইকীয়া(২০-০৮-২০১৮)

জাতীয় দলিলস্বৰূপ এন,আৰ,চি, উন্নিতকৰণৰ কামত যিসকলে নিষ্ঠাৰে কৰি আহিছে সেইসকল কৰ্মচাৰিক চৰকাৰ তথা আই,এচ,এচ, নামত কোম্পানীতো লগ হৈ প্ৰাপ্য বেতনৰপৰা  বঞ্চিত কৰি ৰখাত তেওলোকৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে । বিশদ খবৰ অনুসৰি বিগত ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰি মাহৰ পৰা সামান্য মজুৰিৰে কাৰ্যনিৰ্বাহ কৰি অহা লক্ষীমপুৰ জিলাৰ অৰ্ন্তগত কদম ৰাজহ চক্ৰৰ সাত টা সেৱা কেন্দ্ৰত নিশা ১১ বজালৈ সেৱা আগবঢ়োৱা ডাটা,এণ্ট্ৰি,অপাৰেটৰ সকলে যোৱা জুন মাহৰ পৰা প্ৰাপ্য মজুৰি লাভ নকৰাত ভিষণ আৰ্থিক সমস্যাৰ সন্মুখীন হব লগা হিৱাত যোৱা ১৬ আগষ্ট তাৰিখে ডাটা,এণ্ট্ৰি,অপাৰেটৰ, সকলৰ পাৰিতোষিক নিয়মীয়া কৰণ , জুন মাহৰ পৰা বাকি থকা পাৰিতোষিক মুকলি কৰি দিয়াৰ লগতে নৈশ চকিদাৰ সকলৰ মজুৰি মুকলি কৰি নিদিয়া পৰ্যন্ত সেৱা কেন্দ্ৰ সমুহত ডাটা,এণ্ট্ৰি,অপাৰেটৰ সকলে অনিৰ্দিষ্ট কালিন কৰ্মবিৰতি পালন কৰিব বুলি চক্ৰবিষয়াৰ যোগেদি উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Related posts

Leave a Comment