দৰঙৰ দলগাৱঁত এন,আৰ,চিৰ ,নথি পত্র জাৱৰ জোথৰত উদ্বাৰ

দৰঙৰ দলগাৱঁত এন,আৰ,চিৰ ,নথি পত্র জাৱৰ জোথৰত উদ্বাৰ। এন,আৰ,চিৰ ২৭ নং কেন্দ্রৰ, বিৰুদ্ধে অভিযোগ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী দোষীক বিহীত ব্যৱস্থা গ্রহনৰ দাবী আমছুৰ

খাৰুপেটীয়া,  ২০আগষ্টঃ দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অধীন ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ এন,এছ,কে,২৭ নম্বৰৰ এল,আৰ,চি,আৰৰ গাফিলতিত এন,আৰ,চিৰ ,কেন্দ্রৰ পিছফালে মাটিত থকা অৱস্থাত একাংশ ৰাইজে  তুলি লৈ সংবাদ মাধ্যমৰ প্রকাশ কৰে ||উক্ত বিষয়টোৰ ভাইৰেল হোৱাৰ পাছত অঞ্চলটোত এক চেপা উত্তেজনাময় সৃষ্টি কৰিছে |এই সন্দৰ্ভত এল,আৰ চি ,আৰ,জগৎ জীৱন দত্তয়ে গা এৰা মন্তব্য দিয়ে | এন,আৰ,চিৰ কৰ্তৃপক্ষই এনেদৰে দলগাওঁ ৰাজহ চক্রৰ একাংশ এল,আৰ,চি,আৰে, সংখ্যালঘু লোকক এন ,আৰ,চিৰ,বিষয়া সকলে কৰ্তব্যৰ গাফিলতিৰ কাৰনে উন্দোলাঝাৰত প্রায় ৭০শতাংশ লোকৰ নাম বাদ পৰা বুলি আমছুৰ কেন্দ্রীয় সমিতিৰ সাধাৰন সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে অভিযোগ কৰি কয় এন,আৰ,চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক দৃষ্টি আকৰ্ষন কৰে আমছুৰ নেতা গৰাকীয়ে ||যদি এনে দৰে চক্রান্তমুলক ভাবে বিষয়া/কৰ্মচাৰী সকলে  প্রকৃত ভাৰতীয় নাগৰিকক এন আৰ,চিৰ পৰা বাদ দিয়ে তেন্তে আমছুৱে গনতান্ত্রিক আন্দোলন গঢি তোলাৰ হুংকাৰ দিয়ে আমছুৰ সাধাৰন সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে |এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত অৱগত কৰিব বুলি আমছুৰ নেতা গৰাকীয়ে প্রকাশ কৰে || শ্বেখ আব্দুল্লাহ ,,,খাৰুপেটীয়া…..

Related posts

Leave a Comment