চিৰাঙৰ বিজনীত বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে যৌথ আন্দোলন সাব্যস্থ 

Sharing is caring!

চিৰাঙৰ বিজনীত বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে যৌথ আন্দোলন সাব্যস্থ 

 

অসম খবৰ চিৰাংৰ পৰা লিটন বসাক ২০আগষ্টঃ  বিজনী উপসংমণ্ডল অসম ৰাজ্যিক  বিদ্যুৎ পৰিষদ ত   সোমবাৰ দিনা ১১ মান বজাত নিখিল ভাৰত কৃষকসভা ফাগুণাগাও শাখাৰ নেতৃত্বত ফাগুণাগাওঁ গাঁঞা ৰাইজৰ  লগত ভাৰতৰ ছাত্ৰ ফেডাৰচন বিজনী আঞ্চলিক কমিটিয়ে বিজুলী বিভাগৰ বিভিন্ন খেলি-মেলিৰ বিৰুদ্ধে বিজনীত যৌথ আন্দোলন সাব্যস্থ কৰে। বিজনীত নিয়মীয়া বিজুলী সৰ্বৰাহৰ দাবীৰ লগতে সময়মতে বিল দিয়া, বকেয়া বিল কিস্তিত লোৱা, সঘনাই লোডছেডিং প্ৰত্যাহাৰ কৰাৰ দাবীত বিজনী চেণ্ট্ৰেল বেংকৰ সন্মুখত সমবেত হৈ  প্ৰখৰ ৰ’দ ও নেউছি এক  সমদল উলিয়া প্ৰাায় এক শতাধিক লোকে বিজুলী সংমণ্ডল কাৰ্য্যালয় ঘেৰাও কৰি বিভিন্ন শ্বলক গান দিয়া  ৰ লগতে  বিজুলী সংমণ্ডল বিষয়াক ৰাইজৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত আন্দোলনত নিখিল ভাৰত কৃষক সভাৰ বিজনী আঞ্চলিকৰ সম্পাদক ঘনাকান্ত ৰায় উপস্থিত থাকে আৰু লগতে ভাৰতৰ ছাত্ৰ ফেডাৰেচন বঙাইগাঁও-চিৰাং জিলা সভাপতি শুভঙ্কৰ ঘোষ আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন বিজনী আঞ্চলিকৰ সভাপতি ৰাজেশ ৰায় বৰ্মনো উপস্থিত থাকে।

Related posts

Leave a Comment