জুৱা-তীৰ খেল আৰু মদৰ মুকলি বেপাৰ হোৱাত সামাজিক পৰিবেশ বিনষ্ট

Sharing is caring!

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দৰংগামেলা, খৈৰাণী, চেচাপানী, কুমাৰীকাটা, লতিবাৰী, পাকৰিবাৰী, ইক্ৰাজুলী, পাটকিজুলিকে ধৰি বিভিন্ন ঠাইৰ চুকে কোনে তীৰ খেলৰ মুকলি বেপাৰ চলি আছে। বৰ্তমান এই অঞ্চলসমুহ অকল তীৰ খেলে নহয় জুৱা আৰু মদৰ দ্বাৰা সামাজিক পৰিবেশ বিনষ্ট হৈছে।

স্কুল, কলেজত পঢ়ি থকা ছাত্র-ছাত্ৰী সকল জড়িত হৈ পৰিছে । তীৰ এজেন্ট সকলে তীৰৰ পৰা বহু টকা পইচা পায় বুলি লোভ দেখুৱাই দুখীয়া মানুহৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰি আহিছে তীৰ মাফিয়াই। বাক্সা জিলাৰ প্ৰশাসন আৰু জাতীয় দল সংগঠনে তীৰ খেল, জুৱা, আৰু মদৰ মুকলি বেপাৰ দেখিও নেদেখা ভাও জুৰি থকা পৰিলক্ষিত হৈছে।

Related posts

Leave a Comment