চিৰাঙৰ বিজনীত উৎকোচ লোৱাৰ অভিযোগত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী 

Sharing is caring!

 

চিৰাঙৰ বিজনীত উৎকোচ লোৱাৰ অভিযোগত আটক শিক্ষা বিভাগৰ কৰ্মচাৰী 

চিৰাংৰ পৰা লিটন বসাক 

চিৰাং জিলাৰ বিজনী বড়োবাজাৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ সহায়ক উৎকোচ লোৱাৰ অভিযোগত আটক ।

ফৰিদ হুচেইন নামৰ কনিষ্ঠ সহায়ক জনৰ বিৰুদ্ধে দীৰ্ঘ দিনৰ পৰাই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ।

চিৰাং জিলাৰ বড়োবাজাৰ বিঅ কাৰ্য্যালয়ত যোৱা কেবা মাহৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক,বৰ্তমান চাকৰি কৰি থকা শিক্ষক সকলৰ অভিযোগ আছিল যে ফৰিদ হুচেইন নামৰ কনিষ্ঠ বিষয়া জনে উৎকোচ নহলে কোনো কামেই নকৰে তাৰোপৰি শিক্ষক সকলৰ ফাইলবোৰ ৰখাই থয় ।

ইয়াৰোপৰি শিক্ষক সকলৰ ছাৰ্ভিচ বুক আপগ্ৰেডেচন আৰু ঋণ সম্পৰ্কীয় কামকাজত অধিক উৎকোচৰ বাবে হেচা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছিল ।

শিক্ষক সকলে জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা উপায়ুক্তকো এই বিষয়ে অভিযোগ দিছিল । অৱশেষত অৱসৰপ্ৰাপ্ত এজন শিক্ষকে বিজনী থানাত ৬ মাহ পুৰ্ব্বে এক এজাহাৰ দিছিল ।

বিজনী থানাত ৭২/১৮ নম্বৰৰ এজাহাৰ পঞ্জিয়ন হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিত বিজনী আৰক্ষীয়ে ৬/৭ মাহৰ পৰা গোপনে তদন্ত অব্যাহত ৰাখিছিল ।

অৱশেষত আজি আটক কৰি বিজনী থানাত জেৰা কৰি আছে । বিজনী আৰক্ষীয়ে জনায় যে শিক্ষা বিভাগৰ উক্ত কৰ্মচাৰী জনৰ বিৰুদ্ধে অধিক কঠোৰ ভাৱে তদন্ত কৰা হব ।

Related posts

Leave a Comment