তীৰ খেলৰ বিৰুদ্ধে সৰৱ হালধীয়াৰ এজন যুৱকঃ থানাত এজাহাৰ দাখিলঃনিৰৱ আৰক্ষী  

Sharing is caring!

তীৰ খেলৰ বিৰুদ্ধে সৰৱ হালধীয়াৰ এজন যুৱকঃ থানাত এজাহাৰ দাখিলঃনিৰৱ আৰক্ষীঃ

                                                                       কোকিলাৰ পৰা ইয়াছিন

কোকিলাৰ নিকটৱৰ্তী তথা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাওঁত অবৈধ তীৰ খেলৰ বিৰুদ্ধে এজন যুৱকে এজাহাৰ দাখিল কৰিছে। কেইবা মাহ ধৰি আব্দুল কুদ্দুচ নামৰ এজন ব্যক্তিয়ে অবৈধ তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছে।

বাধা দিলে নানা ধৰনৰ অশ্লীল কথা কোৱাৰ লগতে মাৰপিট কৰাৰ ভাবুকি দিয়ে। বিভিন্ন ঠাইৰ পৰা দুষ্ট প্ৰকৃতিৰ লোক আহি দিনত হাজাৰ হাজাৰ টকাৰ নম্বৰ ক্ৰয় কৰে। নম্বৰ বিক্ৰী আৰু তীৰৰ ফলাফলৰ কথা বহুতৰ মোবাইলত বন্দী হৈছে যদিও কলগাছিয়াৰ আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই।

সেয়ে উপায় নাপাই এজন লোকে কালি কলগাছিয়া আৰক্ষী থানাত কদ্দুছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে কি পদক্ষেপ লয় সময়তহে কব পৰা যাব।

Related posts

Leave a Comment