চিৰাং জিলা বিজনী বড়োবজাৰ ডাইনী সন্ধেহত বিপিন বসুমতাৰী একাংশ দুস্কৃতি কাৰিৰ প্ৰহাৰ 

Sharing is caring!

 

চিৰাং জিলা বিজনী বড়োবজাৰ ডাইনী সন্ধেহত বিপিন বসুমতাৰী

                          একাংশ দুস্কৃতি কাৰিৰ প্ৰহাৰ 
        চিৰাংৰ পৰা লিটন বসাক 

চিৰাংজিলাৰ বিজনী থানাৰ অন্তৰ্গত বড়োবজাৰ মেদুলী পাৰৰ গাওঁৰ যোৱা শনি বাৰৰ নিশা প্ৰায় ১১বজাৰ বিপিন বসুমতাৰীক নিজৰ বাহ গৃহৰ পৰা একাংশ দুস্কৃতি কাৰিয়ে ঘৰৰ পৰা উলিয়াই আনি বেয়াকৈ প্ৰহাৰ কৰে ।

পিছত বড়ো বজাৰ আৰক্ষী বিষয়া ঘটনা স্থলিতি উপস্থিত হয় আৰু বিপিন বসুমতাৰীক বঙাইগাওঁ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে ।

উক্ত চিকিৎসালয় ত বিপিন বসুমতাৰী(৭০) ৰ পুত্ৰ নবিন বসুমতাৰী (৪১) য়ে একাংশ সংবাদ মাধ্যামৰ আগত ব্যাক্ত কৰে যে উক্ত যোৱা শনিবাৰে নিশা একাংশ দুস্কৃতি কাৰিয়ে তেওঁৰ দেউতাক বিপিন বসুমতাৰী(৭০) ডাইনী সন্দেহ কৰি প্ৰহাৰ কৰে ।

কিন্তু মাদুলি পাৰা ৰাইজে বিপিন বসুমতাৰী(৭০) ডাইনী সন্দেহ কৰি প্ৰহাৰ কৰা কথাতো মানি লোৱা নাই ।

গঞাঁৰ ৰাইজৰ মতে বিজনী বড়োবজাৰ মাদুলি পাৰা অন্ধবিশ্বাস ৰ নামত ডাইনী সন্দেহ ত ইয়াৰ পূৰ্বে ঘটনা সংঘটিত হোৱা নাই।

যোৱা শনিবাৰে নিশা সংঘটিত হোৱা ঘটনাতো বিপিন বসুমতাৰী পুত্ৰই কোনো প্ৰমান নহোৱাকে কি দৰে ডাইনী সন্দেহত প্ৰহাৰ কৰে বুলি সংবাদ মাধ্যামৰ আগত ব্যাক্ত কৰি বিপথে পৰিছালিত কৰিছে ।

সেইয়ে হে গঞাঁৰাইজে দূখ প্ৰকাশ কৰি তিব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে সংবাদ মাধ্যামৰ আগত এখন বিবৃতি প্ৰদান কৰে । লগতে জনায় যে বিপিন বসুমতাৰীৰ পুত্ৰই সংবাদ মাধ্যামৰ আগত ব্যাক্ত কৰা ডাইনী সংক্ৰান্ত সম্পূৰ্ণ মনে হজা ব্যাক্ত উঠাই লবলৈ গঞাঁ ৰাইজে আহব্বান জনায় ।

Related posts

Leave a Comment