মৰিগাঁওত মণ্ডল বিজেপি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ী আদ্যশ্ৰাদ্ধ অনুস্থান

Sharing is caring!

 

মৰিগাঁওত মণ্ডল বিজেপি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ী আদ্যশ্ৰাদ্ধ অনুস্থান
                                                                   মৰিগাঁও পৰা পুলিন কাকতি

মৰিগাঁও জিলা কোঁৱৰ গাঁও সোনাই পুৰিয়া ৰঙ্গ মঞ্চৰ প্ৰাঙ্গনত ভুৰবন্ধা মণ্ডল বিজেপি আৰু কোঁৱৰ গাঁও বুথ সমিতি সমুহৰ সহযোগত আদ্যশ্ৰাদ্ধ ও শ্ৰদ্ধানঞ্জলি অনুস্থান আয়োজন কৰে।
এটা সোনালী যুগৰ অৱসান ঘটিল,ভাৰতবৰ্ষৰ মহীৰূহ ,যুগদ্ৰষ্টা তথা প্ৰক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপ্ৰেয়ী মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ কোঁৱৰ গাঁৱত কেইবাতাও কায্যসুচীৰে সোনাই পুৰিয়া ৰঙ্গ মঞ্চ প্ৰাঙ্গনত প্ৰক্তন প্ৰধান মন্ত্ৰী গৰাকী আদ্যশ্ৰাদ্ধ ও শ্ৰদ্ধানঞ্জলী অনুস্থান আয়োজন কৰিছে।

পুৱা ১০বজাত বন্তি প্ৰজ্বলন ও পূজা অৰ্চনা কৰা হয়।বন্তি প্ৰজ্বলন কৰে মণ্ডল সভাপতি দুৰ্গা দলৈ আৰু প্ৰয়াত প্ৰধান মন্ত্ৰী গৰাকী ফটোত মাল্য অৰ্পণ কৰে জিলা সভাপতি ধৰনীধৰ বৰদলৈ,তি’ৱা কাউন্চিলৰ মুখ্য সদস্য পবন মান্তা জিলা বিজেপি কোষাধ্যক্ষ যাদব কোঁৱৰ,যুব কৰ্মী বিষ্ণু ভাগবৰ্তী,বিদ্যা বৰা,যুব মৰ্চা সভাপতি মলিন মেধি সহ বিশিষ্ট ব্যক্তি সকলে ।

পিছত দিনৰ এক বজাৰ পৰা কোঁৱৰ গাঁও আঞ্চলিক ৰাইজৰ দ্বাৰা নেগেৰা নাম পৰিবেশন কৰা লগতে নামতী আইমনি দাসৰ লগতে টুটুমনি দাসে সুন্দৰ নাম পৰিবেশনে সন্ধিয়া পাচ কায্যসুচী সমাপ্ত কৰে ।

 

Related posts

Leave a Comment