ঢকুৱাখনা ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

Sharing is caring!

 

ঢকুৱাখনা ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

                     ঢকুৱাখনা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধিনৰ এখন অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনাৰ ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ চতুৰ্বিংশতিতম ২০১৮-১৯ বৰ্ষৰ নৱাগত আদৰণী সভাখন দিনজোৰা কাৰ্য্যসূচীৰে যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈ যায়।

নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ পুনিৰাম মৰাঙে।ইয়াৰ পিছতে ছাত্ৰ একতা সভাৰ উপ-সভাপতি জগন্নাথ পায়েঙে স্মৃতি তৰ্পণ আৰু প্ৰবক্তা বিদ্যুৎ দলেয়ে বৃক্ষ ৰোপন কৰে ।

পুৱা ৯ বজাত প্ৰাচীৰ পত্ৰিকা “ৰেঙাম সোৱণশিৰি” উন্মোচন কৰে প্ৰবক্তা বিজুলতা পায়েঙে। ১০ বজাৰ পৰা “ন-পুৰণি শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰম্ভ হয়।

 

অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা জ্যোতিপ্ৰসাদ পেগু আৰু প্ৰবক্তা জন দলেয়ে।

ইয়াৰ পাছতে দিনৰ ১২ বজাত মহাবিদ্যালয়খনৰ প্ৰবক্তা কুমদ চুতীয়াই উদ্বোধন কৰা মুকলি সভাখনি অনুষ্ঠিত হয় অধ্যক্ষৰ পৌৰোহিত্যত।

সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয়।সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক প্ৰদীপ কুমাৰ দত্তই ভাষণ প্ৰসংগত কয় যে- আজিৰ শিক্ষা ব্যৱস্থাত যি পৰিবৰ্তন আহিছে সেই পৰিবৰ্তনৰ তুলনাত আমাৰ অভিভাৱক,শিক্ষাৰ্থীসকলে খাপ খাই চলিবলৈ যি প্ৰতিযোগিতা নামিব লাগে তাত নমা নাই। নামিছে বস্তুবাদী বিলাসিতাৰ প্ৰতিযোগিতাতহে ।

যি সমাজৰ বাবে অতি ক্ষতিকাৰক হৈছে। জ্ঞান অন্বেষণৰ প্ৰতিযোগিৰ বিপৰীতে আমি শিক্ষাৰ্থীক নমাই ভোগ বিলাসৰ প্ৰতিযোগিতাত প্ৰশিক্ষাৰ্থী সকলে বি.এড ।

ফলত ক্ৰমে সমাজত নোহোৱা,নুশুনা কথা কাণ্ডৰ উদ্ভৱ হৈছে। ইয়াৰ বাবে কিন্তু দায়ী অভিভাৱক সকলেই।

” অন্যহাতে বিশিষ্ট অতিথিৰ ভাষনত ঢকুৱাখনা

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সুতে ভাষণত শিক্ষাৰ্থীসকলক উদ্দেশি বহুমূলীয়া পৰামৰ্শ আগবঢ়াই‌।

অন্যহাতে সভাখনিত-বিশিষ্ট অতিথিৰূপে ৰেঙাম সোৱণশিৰি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ কনকেশ্বৰ গগৈ,আমন্ত্ৰিত অতিথিৰূপে ক্ৰমে-টি,এম,পি,কে’ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদ্মলোচন দলে,প্ৰাক্তন আছু নেতা নিলোৎপল দেৱ গোস্বামী,সাংবাদিক ৰাজীৱ বৰুৱা,পাতৃচুক হাইস্কুলৰ প্ৰধান শিক্ষক খগেন সিং, ঢকুৱাখনা কলেজৰ অধ্যাপক ড০কাঞ্চন গগৈ ইত্যাদিয়ে অংশগ্ৰহণ কৰে।

Related posts

Leave a Comment