উজনি অসমৰ ক্রমে প্ৰধান খেতি হৈ পৰা চাহ খেতি বৰ্তমান সংকটৰ গৰাহঁত ক্ষুদ্ৰ চাহ খেতি কৰি স্বাৱলম্বী হোৱা হাজাৰ হাজাৰ খেতিয়কৰ উৎপাদিত কেচা পাত বৰ্তমান বিক্ৰী নোহোৱা অৱস্থা

Sharing is caring!

 

উজনি অসমৰ ক্রমে প্ৰধান খেতি হৈ পৰা চাহ খেতি বৰ্তমান সংকটৰ গৰাহঁত

ক্ষুদ্ৰ চাহ খেতি কৰি স্বাৱলম্বী হোৱা হাজাৰ হাজাৰ খেতিয়কৰ উৎপাদিত কেচা পাত বৰ্তমান বিক্ৰী নোহোৱা অৱস্থা।
যি সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত চাহ পাতৰ উৎপাদন খৰচ বাঢ়ি গৈ আছে ,কিন্তু সেই অনুপাতে কেচা পাতৰ দাম কমিহে গৈ আছে।

আজি কেইবাবছৰ ধৰি উজনি অসমৰ চাহপাতৰ দাম পোন্ধৰ, বিশ টকাতেই সীমাবদ্ধ হৈ আছে, আনহাতে চাহপাত উৎপাদন কৰিবলৈ খেতিয়কক প্ৰয়োজন হোৱা সাৰ, কীটনাশক ঔষধ, ভিটামিন ইত্যাদিৰ দাম বাঢ়ি গৈ আছে।
ৰাজ্যৰ অৰ্থনীতিত তথা সমগ্র ভাৰতবৰ্ষৰ অৰ্থনীতিত বৈদশীক মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ চাহ উদ্যোগ আজিও এশ এটা সমস্যাৰে ভাৰাক্ৰান্ত।

শেহতীয়াভাৱে বিশ্বনাথ জিলাত ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত চাহপাত খেতিয়কে বিক্ৰী কৰিব নোৱাৰি,গাড়ীয়ে গাড়ীয়ে পেলাই দিব লগা হৈছে।

খেতিয়কৰ এই নাজল নাথল অৱস্থাৰ সময়ত তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ আজি কোনো নাই।

এই সন্দৰ্ভত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নিৰ্দেশনাত আৰু সাধাৰণ সম্পাদক ও মুখপাত্ৰ শ্ৰী তুষাৰ বৰাৰ নেতৃত্বত এক সজাতি দলে বিশ্বনাথ

জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰেয়ণ কৰি অতি সোনকালে ডাঙৰ কোম্পানী ফেক্টৰী আৰু বট লিফ ফেক্টৰী সমূহে কিয় পাত লোৱা তাৰ এক উচিত তদন্ত কৰি এক ব্যৱস্থা প্ৰণয়ন কৰাৰ দাবী তোলে।

সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰি সাধাৰণ সম্পাদক ও মুখপাত্ৰ তুষাৰ বৰাই কয় যে বৃহৎ কোম্পানী তথা পুঁজিপতি গোষ্ঠীৰ এই চক্রান্তৰ ওচৰত চৰকাৰে ইতিমধ্যেই শিৰ নত কৰি থৈছে, ফলস্বৰূপে বি জে পি চৰকাৰৰ এজন শক্তিশালী কেবিনেত মন্ত্ৰী থকা স্বত্বেও বিশ্বনাথ জিলাত প্ৰতি বছৰে এই সমস্যাই দেখা দিয়ে।

বৰাই আকৌ কয় যে জিলা উপায়ুক্ত মহোদয়ৰ লগত বাৰ্তালাপ কৰোতে উপায়ুক্তক সোধা এক প্ৰশ্নৰ উত্তৰত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে খেতিয়কৰ এই স্পৰ্শকাতৰ সমস্যাৰ সময়ত চৰকাৰৰ ফালৰ পৰা বিভাগীয় নীতি নিৰ্দেশনা অহা নাই, তেখেতে সোনকালেই প্ৰতি মাহে অনুষ্ঠিত হোৱা district tea monitoring committee ৰ মিটিঙ আহ্বান কৰিছে আৰু তাতেই এই বিষয়টোও আলোচনা কৰা হব বুলি আশ্বাস দিয়ে।

শেষত বৰাই চৰকাৰৰ এই উদাসীন মনোভাৱক তীব্র নিন্দা কৰেছে আৰু অতি সোনকালে এক তদন্ত কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ এই সমস্যা দূৰ কৰাৰ আহ্বান কৰিছে

Related posts

Leave a Comment