বাক্সাৰ নিকাছিত অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি- বাৰ্ষিক অধিবেশন

Sharing is caring!

মুছলপুৰ@ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাছিৰ ইন্দ্ৰলাল পাঠক ছোৱালী স্কুলত আজি এদিনীয়া কাৰ্যসূচীৰে অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। ইন্দ্ৰলাল পাঠক ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা অসম নেপালী নাট্য সন্মিলনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অসম নেপালী নাট্য সন্মিলনৰ সভাপতি জ্ঞান বাহাদুৰ ছেত্ৰীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন দিয়া হয়। দিনৰ ১ বজাত জ্ঞান বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত এখন মুকলি সভা আয়োজন কৰা হয়।

মানুহৰ জীৱন পৰিক্ৰমা এখনি নাটক সকলোৱে একোটা ভাও লৈ জীয়াই থাকে আৰু মৃত্যুৰ লগে লগে এই নাটকৰ সামৰণি পৰে । এই মন্তব্য অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভূজেলৰ । লগতে তেওঁ আৰু কয় যে নাটক মাধ্যমেৰে সমাজ সংস্কাৰ কৰিব পাৰি।সাহিত্য হৈছে শিক্ষিত লোকেহে পঢ়িব পাৰে কিন্তু নাটক এনে এক মাধ্যম যি নাটক উপভোগ কৰি সকলো কথা বুজিব পাৰে। সভাত মুখ্য অতিথিৰ ৰূপত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙ।

উক্ত সভাত গোৰ্খা লোক কলা সমৰক্ষন মঞ্চৰ সভাপতি পৃথিবিলাস ভট্টৰাই, নিকাচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদ্ৰী গুৰাগাই, বিটিএডি ৰ চেন্ট্ৰেল চিলেকচন বোৰ্ডৰ সদস্য জয়লাল পোখৰেলৰ লগতে বহুতো পদাধিকাৰী ব্যক্তি কালি প্ৰসাদ শৰ্মা, পিতাম্বৰ পাঠক, শিৱ ৰাই, ভাৰতী ভণ্ডাৰী, গীতা দাহাল, এৱ নাৰায়ন পাঠকৰ উপৰিও বহুতো ৰাইজসকল উপস্থিত থাকে।

Related posts

Leave a Comment