হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিবাৰ্চনত এ বি ভি পি ৰ অধিপত্য

Sharing is caring!

 

হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিবাৰ্চনত এ বি ভি পি ৰ অধিপত্য

: অসমত এতিয়া বলিছে নিৰ্বাচনী বতাহ।পিছে এই নিৰ্বাচন পঞ্চায়ত,বিধানসভা,লোকসভা বা ৰাজ্যসভাৰ নহয়।এয়া সময় ছাত্ৰ ৰাজনীতিৰ।

ৰাজ্যখনৰ প্ৰতিখন মহাবিদ্যালয়ত এতিয়া আৰম্ভ হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ৰ লগত সাদৃশ্য ৰাখি হাতীচোং মহাবিদ্যালয়তো অনুষ্ঠিত হ”ল ছাত্ৰ একতা

সভাৰ নিৰ্বাচন ।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিন্দাবাদ ধ্বনিৰে মুখৰিত হাতীচোং অঞ্চল। নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ শিক্ষাৰ বাটকটীয়া হাতীচোং মহাবিদ্যালয়ৰ

ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিগত বছৰৰ দৰে এই বছৰো শনিবাৰে অানন্দ উল্লাহেৰে মহাবিদ্যালয়ৰ প্ৰাঙ্গনত সম্পন্ন হয়। ৫ টাকৈ পদবী অাঁজুৰি মহাবিদ্যালয়খনৰ বৃহৎ

দখলত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। এই সাফল্যৰ পাছতেই অানন্দ উল্লাহৰ মাজেৰে এক বাইক ৰেলীৰে শোভাযাত্ৰা কৰে। বিজয়ী পাৰ্থী সকল হৈছে

আলোচনী সম্পাদক::সৌৰভ কুমাৰ বৰা(অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ),সাংস্কৃতিক সম্পাদক::মধুৰ্য্য প্ৰতিম শইকীয়া (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ),দুখীয়া পুঁজি

সম্পাদক::জ্ঞানজ্যোতি শইকীয়া (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ),ছাত্ৰ জিৰণি কোঠা সম্পাদক::সত্যজিৎ হীৰা (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) আৰু ক্ৰীড়া সম্পাদক::

পিনচু বণিয়া (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ)। মহাবিদ্যালয়খনৰ শৈক্ষিক, অান্ত:গাঠনিৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অহোপুৰুষাৰ্থ কৰিব বুলি এ বি

ভিপি ৰ কৰ্মকৰ্ত্তা সকলে জনাইছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জয়ী প্ৰাৰ্থী সকলক দলংঘাট মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰিপুঞ্জয় শইকীয়া, দলংঘাট মণ্ডলৰ যুৱ

মৰ্চাৰ মহাবিদ্যালয় তত্বাবধায়ক চান্টু শইকীয়াই। ইফালে তিনিটাকৈ পদ অাছুৱে দখল কৰিবলৈ সক্ষম হৈছে।

Related posts

Leave a Comment