আহক! আমি সকলোৱে অলপমান আত্ম-বিশ্লেষণ কৰোঁ!- মনোৰম গগৈ

Sharing is caring!

আমি বিজেপিৰ সমৰ্থক যিদৰে নহয়, সেইদৰে কংগ্ৰেছৰো সমৰ্থক নহয়। দুয়োটা দলৰে চৰকাৰৰ অধীনত দিন অতিবাহিত কৰাৰ অভিজ্ঞতা আমাৰ আছে। অগপ দলেও দুটা কাৰ্যকাল তেওঁলোকৰ শাসনৰ সোৱাদ দিলে। এতিয়াও তেওঁলোক চৰকাৰৰ অংশীদাৰ। এই দলৰো কাম-কাজ, চিন্তা-চৰ্চা সম্পৰ্কে আমি ভালকৈয়ে অৱগত। গতিকে এইটো দলক সমৰ্থন কৰাৰো কোনো প্ৰশ্ন নুঠে!

তেনেহ’লে আমি কাক সমৰ্থন কৰিম? অহা নিৰ্বাচনবোৰত আমি কাক ভোট দিম? দুই-একে মাজে মাজে আমাক এই প্ৰশ্ন কৰে।

এয়া শুভ লক্ষণ! এতিয়া আমি সকলোৱে প্ৰশ্ন কৰাৰ সময়। আহক , আমি সকলোৱে নিজকে নিজে প্ৰশ্ন কৰোঁ : আমি কাক ভোট দিম?

যেতিয়ালৈকে আমি এই প্ৰশ্নটোৰ যথাৰ্থ উত্তৰ বিচাৰি উলিয়াব নোৱাৰিম, তেতিয়ালৈকে দেশ এনেকৈয়ে চলিব!

এবাৰ বিজেপি শাসনলৈ আহিব, আনবাৰ আহিব কংগ্ৰেছ!

কংগ্ৰেছৰ শাসনত জলা-কলা খোৱাসকলক বিজেপিয়ে মিঠা মিঠা কথা কৈ মোহাৱিষ্ট কৰি শাসনত অধিষ্ঠিত হ’ব। একেদৰে বিজেপিৰ শাসনত জলা-কলা খোৱা নাগৰিকসকলক কংগ্ৰেছে মিঠা মাতেৰে নিজৰ ফাললৈ আনিবলৈ চেষ্টা কৰিব!

শাসনলৈ অহাৰ পিচত তেওঁলোকে একেই ৰূপ ধাৰণ কৰিব! দুয়োটা দলৰে চৰিত্ৰগত মৌলিক পাৰ্থক্য একোৱেই নাথাকিব!

গতিকে এতিয়া নিজকে প্ৰশ্ন কৰাৰ সময়: আমাক কেনেকুৱা দল লাগে? এতিয়া থকা দলবোৰৰ কাম-কাজত যদি আমি অতিষ্ঠ হৈছোঁ, এই দলবোৰক যদি আমি সমৰ্থন কৰিব নোৱাৰোঁ , তেন্তে নতুন দল এটা লাগে নেকি, যিটো দল প্ৰকৃত অৰ্থত ৰাইজৰ দল হ’ব? যিটো দলে সঁচা অৰ্থত মূল্যবোধৰ ৰাজনীতিৰে সমাজৰ প্ৰতিজন নাগৰিকৰে মংগলৰ কথা চিন্তা কৰিব!

কেইজনমান ক্ষমতালোভী নেতাৰ হাতত ৰাজনীতি এৰি দি আমি এক আদৰ্শ শাসন-ৰীতি পাম বুলি আশা পালি থকাটো মূৰ্খামি! আত্ম-স্বাৰ্থ পূৰণৰ বাবে নেতাক তৈলমৰ্দন কৰি থকা নাগৰিকৰ ভাগ্যত স্বেচ্ছাচাৰী আৰু ভ্ৰষ্টাচাৰী নেতাই মিলিব!

আহক! আমি সকলোৱে অলপমান আত্ম-বিশ্লেষণ কৰোঁ!

Related posts

Leave a Comment