সংযুক্তা পৰাশৰলৈ ৰমণী গাভৰু বঁটা : উক্ত বঁটাটি অসম আৰক্ষীলৈ উচৰ্গা কৰিলে সংযুক্তা পৰাশৰে

Sharing is caring!

সংযুক্তা পৰাশৰলৈ আগবঢ়োৱা ৰমনী গাভৰু বঁটা অসম আৰক্ষীলৈ উচৰ্গা

কৰিলে সংযুক্তা পৰাশৰে

  • কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ  উদযাপন সমিতিয়ে প্ৰদান কৰে  এই বঁটা

অসম খবৰ, নাজিৰাৰ পৰা পূজা কোঁৱৰ,১৩ মে :-  শিমলুগুৰি ঐতিহাসিক  কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে ২০১০ চনৰ পৰা প্ৰতি দুটা বছৰৰ মুৰে মুৰে প্ৰদান কৰি আহিছে ৰমনী গাভৰু বঁটা৷ প্ৰথমৰ পৰা ক্ৰমে ২০১০ চনত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট লেখিকা ইলা বৰগোহাঁই, ২০১৪ বৰ্ষত বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা সংগীত  পৰিচালক মানস ৰবীন আৰু ২০১৬ বৰ্ষত বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীক ৰমণী গাভৰু বঁটা প্ৰদান কৰি আহিছে বিহু উদযাপন সমিতিয়ে। ২০১৮ চনৰ ১০, ১১ আৰু ১২ মে তাৰিখে তিনিদিনিয়াকৈ  অনুষ্ঠিত হোৱা গৌৰৱোজ্জ্বল ৫৮ তম বৰ্ষৰ কেন্দুগুৰি আঞ্চলিক  দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে এই বছৰৰ ৰমণী গাভৰু বঁটাৰ বাবে নিৰ্বাচন কৰিছিল  সাহসী আৰক্ষী বিষয়া  সংযুক্তা পৰাশৰক ৷ কিন্তু সংযুক্তা পৰাশৰে এই বঁটা অসম আৰক্ষীৰ বাবে উচৰ্গা কৰিলে ৷ শনিবাৰে কেন্দুগুৰি আঞ্চলিক  দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱৰ মুকলি সভাত অসম আৰক্ষীৰ হৈ এই বঁটা গ্ৰহন কৰিলে শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ৱিষয়া উজ্বল গোস্বামীয়ে লগতে বলোৰাম বাইলুং বৰুৱা কৃষক বঁটা গ্ৰহন কৰে বিশিষ্ট পশুচিকিৎসক জগদীশ বৰ্মনে৷

Related posts