অসমীয়া বাঙালী জিন্দাবাদ 📰অনুৰাধা শৰ্মা পূজাৰী

Sharing is caring!

অসমীয়া বাঙালী জিন্দাবাদ

                                                                     📰অনুৰাধা শৰ্মা পূজাৰী

 

অসমৰ যিসকল লোকে বাতৰিকাকত, আলোচনী নিয়মীয়াকৈ পঢ়ে, তেখেতসকলে বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ এজন লেখকৰ লিখা নিশ্চয় পঢ়িছে । বিশ্বজিৎ চক্ৰৱৰ্তী বামপন্থাৰ আদৰ্শৰে অনুপ্ৰাণিত যদিও মুক্ত চিন্তাত বিশ্বাসী । তেখেত এসময়ত যোৰহাটৰ বাংলা মাধ্যমৰ বিদ্যালয় লক্ষী ইউনিয়নৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল আৰু সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল । অত্যন্ত অধ্যয়নপিপাসু এই ব্যক্তিজনে বাৰ্ধ্যকৰ শাৰীৰিক সমস্যা আওকাণ কৰি বাছ আৰু অটোৰিক্সাত মহানগৰত নানা কাম-কাজ কৰি ফুৰে । জেপত লৈ ফুৰে কিছু প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী । ইয়াৰ কাৰণ, এবাৰ এখন বাছৰ পৰা নামোতে, এজন মানুহক আঘাতপ্ৰাপ্ত অৱস্থাত পাইছিল আৰু তেওঁৰ কিলাকুটিৰ পৰা অহৰহ ওলোৱা তেজ বন্ধ কৰিবলৈ, বাছখনৰ ‘ফাষ্ট এইড’ বক্সটোত একো নাছিল । চক্ৰৱৰ্তীয়ে এই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হৈ সেই দিনাৰ পৰাই হঠাতে দুখ পোৱা পথচাৰীক সহায় কৰিব পৰাকৈ প্ৰাথমিক চিকিৎসাৰ কেইপদমান বস্তু কান্ধৰ মোনাত লৈ ফুৰা কামটো আৰম্ভ কৰিলে ।  দেশৰ বিভিন্ন সমস্যাৰ প্ৰতি সদাসচেতন ব্যক্তিজনে অলপতে মোৰ ওচৰলৈ এখন গোহাৰি পত্ৰ লৈ আহিলে । সেইখন পঢ়ি সহমত থাকিলে তলত এটা চহী দিবলৈ ক’লে ।  এনে ধৰণৰ বিভিন্ন সমস্যাৰ গোহাৰিপত্ৰ তেখেতে আগেয়েও লৈ আহিছিল । এইবাৰৰ গোহাৰিপত্ৰখন আছিল অসমীয়া ভাষা শিকা সম্পৰ্কত । এই গোহাৰিখনত লিখা আছিল অসমত থকা প্ৰতিটো পৰিয়ালে অন্ততঃ এখনকৈ অসমীয়া বাতৰিকাকত ঘৰত ৰখাটো অভ্যাস কৰক ।  অসমীয়া মানুহৰ পৰিয়ালবোৰতো যিহেতুকে অসমীয়া ভাষা চৰ্চা হ্ৰাস পাইছে, সেয়েহে অসমীয়া বাতৰিকাকত এখন ৰাখিলে ল’ৰা-ছোৱালীয়ে প্ৰথমে অনিচ্ছা প্ৰকাশ কৰিলেও এদিন সেই কাকতখন পঢ়িবলৈ বাধ্য হ’ব ।  দ্বিতীয়তে প্ৰত্যেক চহৰীয়া এপাৰ্টমেণ্ট আৰু চুবুৰিবোৰত, সপ্তাহত এটা বন্ধ বাৰত, ল’ৰা-ছোৱালীক গল্প-কবিতা অসমীয়া ভাষাত লিখা-পঢ়া কৰাত উদগনি দিয়া আৰু অসমীয়া গীত, কবিতা গোৱা বা আবৃত্তি কৰাত উতসাহ জনাবলৈ আহ্বান দিয়া হৈছে । গোহাৰিখনৰ মতে, নিজৰ ঘৰত যেতিয়ালৈকে অসমীয়া আখৰ চকুৰ আগত দেখি নাথাকিব, তেতিয়ালৈকে অসমীয়া ভাষা-সংস্কৃতিৰ চৰ্চা নহ’ব ।  অন্যথা আমাৰ সন্তানসকলে মাতৃভাষা নাজানে বুলি দোষ দি লাভ নাই । এই গোহাৰিৰ তলত অসমৰ বহু যশস্বী মানুহৰ চহী সংগ্ৰহ কৰা দেখিলো ।  ইয়াৰ পিছত চক্ৰৱৰ্তীদেৱে অটো ভাড়া কৰি বহু এপাৰ্টমেণ্ট, চুবুৰীয়া ঘৰত এই গোহাৰিপত্ৰবোৰ অকলেই বিলালে । ‘যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলোৰে’ নীতিত বিশ্বাস কৰি বিশ্বজিৎ চক্ৰৱৰ্তীয়ে এই কামবোৰ কাকো ভ্ৰূক্ষেপ নকৰি অকলে কৰি ফুৰে।অৱধাৰিতভাৱে সেয়ে বিশ্বজিৎ চক্ৰৱৰ্তীক অলপতে লগ পাই সুধিলো, আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে কি কয়? হিন্দু বাংলাদেশী থকাটো বিচাৰে নেকি? তেখেতে তৎক্ষণাতে ক’লে ‘কেতিয়াও নিবিচাৰো । বিদেশী বিদেশীয়েই ।  ধৰ্মৰ ভিত্তিত এই প্ৰসংগ আনি দেশৰ চৰকাৰে যি মাৰাত্মক ভুল কৰিবলৈ গৈছে, তাৰ বিষম ফল অধিক ভোগ কৰিব এতিয়া অসমৰ মানুহে ।  সাম্প্ৰদায়িকতা, জাতিসংঘাত আৰম্ভ হ’ব । ‘ এনে ধৰণে চিন্তা কৰা অসমৰ মাটি, পানী, বায়ুত মিলি যোৱা হাজাৰজন শিক্ষিত বাঙালী অসমত আছে । “

Related posts