ধিঙক সেউজ নগৰী হিচাপে গঢ়াৰ প্ৰচেষ্টা হিমা ফেন ক্লাৱৰ

Sharing is caring!

অসম খবৰ@ বেবেজীয়া: নগাওঁ জিলাৰ সমগ্ৰ ধিং অঞ্চল প্ৰদূষণ মুক্ত কৰাৰ প্ৰচেষ্টা হিমা ফেন ক্লাৱৰ । সোমবাৰে ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ লগতে ধিং এফ অাৰ ইউ চৌহদত নিম অাৰু চন্দনৰ পুলি ৰোপন কৰে ধিঙৰ অগ্ৰনী সামাজিক সংগঠন হিমা ফেন ক্লাৱে ।

উল্লখ্য যে , কেইদিনমানৰ অাগতে স্বৰ্ণকন্যা হিমা দাসৰ অাহবানৰ প্ৰতি সহাৰি জনায় ধিঙৰ কান্ধুলিমাৰীত গছপুলি ৰোপন কাৰ্যসূচী গ্ৰহন কৰিছিল সংগঠনটোৱে । অাজি দ্বিতীয় কাৰ্যসূচী অনুসৰি ধিঙৰ জগন্নাথ মন্দিৰ অাৰু ধিং এফ অাৰ ইউত এই কাৰ্যসূচী ৰূপায়ন কৰে।

গছ পুলি ৰোপন কৰাৰ লগতে গৰু ছাগলীয়ে যাতে নষ্ট নকৰে তাৰ বাবে অতি সুন্দৰ ভাৱে লোৰ জাল দি বৃক্ষলৈ ৰূপান্তৰিত কৰালৈকে প্ৰতিপালনৰো দায়িত্ব লয় হিমা ফেন ক্লাৱৰ প্ৰতিজন সদস্যই । অঞ্চলটোৰ লগতে জিলা অাৰু সমগ্ৰ অসমখনকে পৰ্যায়ক্ৰমে সেউজ অাৰু প্লাষ্টিক বৰ্জনৰ অাহবানেৰে প্ৰদুষণ মুক্ত কৰাৰ বাবে কাম কৰি যাব হিমা ফেন ক্লাৱে।

অৰ্জুন বঁটা গ্ৰহন কৰাৰ প্ৰাক মূহুৰ্তত গছপুলি ৰোপনৰ মাধ্যমেৰে ফেন ক্লাৱৰ তৰফৰ পৰা শুভেচ্ছা জনাইছে ধিং এক্সপ্ৰেছ গৰাকীলৈ । সমগ্ৰ কাৰ্যসূচীত উপস্থিত থাকে হিমাৰ বৰদেউতাক সোনাৰাম দাসৰ লগতে হিমাই অধ্যয়ন কৰি যোৱা ধিং পাব্লিক হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক অৰুন দেৱনাথ সহ হিমা ফেন ক্লাৱৰ সমূহ সদস্য।

Related posts

Leave a Comment