প্ৰসংগঃ আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা

শিক্ষানুষ্ঠানৰ নামভৰ্তিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত সৰ্বভাৰতীয় পৰীক্ষা ইউ.জি.চি,

চি.বি.এছ.ই আদিৰ দৰে পৰীক্ষাত আধাৰ কাৰ্ড বাধ্যতামূলক নহব…

 

অশ্বিনী কুমাৰ গগৈ,

আধাৰ কাৰ্ডৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিলে অন্য এক ৰায়। সমগ্ৰ দেশতে এতিয়াৰে পৰা বাধ্যতামূলক হৈ পৰিব আধাৰ কাৰ্ড। বৰ্তমান দেশৰ জনগণে আধাক কাৰ্ডক লৈ চিন্তাত পৰিছিল।

সৰ্বসাধাৰণ লোকক উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ বহুকেইটা গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাৰে সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰে। আজি ঘোষিত উচ্চতম ন্যায়ালয়ৰ এই বিশেষ ৰায়ক সকলোবে আদৰণি জনোৱাৰ লগতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠে বৰ্তমানৰ দৰেই আধাৰ কাৰ্ডৰ সংযোগ পান কাৰ্ডৰ সৈতেই থাকিব বুলি জানিবলৈ দিছে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ লোকে যিকোনো এটা বেঙ্কৰ নতুন একাউণ্ট খুলিবলৈ এতিয়াৰে পৰা বাধ্যতামূলক নহ’ব। বিগত ৩৮ দিন ধৰি চলি থকা সুদীৰ্ঘ শুনানিৰ শেষত আজি ঘোষিত হয় এই ঐতিহাসিক ৰায়।

আধাৰ কাৰ্ডৰ(বাধ্যতামূলক) প্ৰয়োজনীয় কেইটামান বিশেষ দিশৰ পৰা ৰেহাই দিয়া হৈছে। শিক্ষানুষ্ঠানৰ নামভৰ্তিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত সৰ্বভাৰতীয় পৰীক্ষা ইউ.জি.চি, চি.বি.এছ.ই আদিৰ দৰে পৰীক্ষাত আধাৰ কাৰ্ড বাধ্যতামূলক নহব। ঠিক একেদৰে বাধ্যতামূলক নহয় ব্যক্তিগত সংস্থা, ছিম কাৰ্ড আদিৰ বাবেও।

Related posts

Leave a Comment