বিশ্বনাথৰ নিলপুৰ চাহ বাগিছাত বিবিএফচি উদ্যোগত ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাতক শ্ৰদ্ধাঞ্জলি

বিশ্বনাথৰ নিলপুৰ চাহ বাগিছাত বিবিএফচি উদ্যোগত ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১০ ডিচেম্বৰ ঃ

আজি বিশ্বনাথ চাৰিআলি স্থিত নিলপুৰ চাহ বাগিচাৰ খেল পথাৰত সন্ধিয়াৰ ভাগত বিশ্বনাথ বাচোৱাৰ ফুটবল ক্লাৱৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।

যোৱা বুধবাৰে তামিলনাডুত বিমান দুৰ্ঘটনাত নিহত ভাৰতীয় প্ৰতিৰক্ষা সেনাৰ মূৰব্বী তথা সৰ্বাধিনায়ক বিপিন ৰাৱাটৰ লগতে বিমান খনত থকা আটাইকেইজন নিহত ব্যক্তি লৈ গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

অনুষ্ঠানটোত বিশ্বনাথ সদৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়া, প্ৰশাসনীয় কৰ্মচাৰী দুস্মন্ত বৰাকে ধৰি বাগিচা খনৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে আৰু শ্বহীদ বিপিন ৰাৱতৰ লগতে বিমানখনত থকা আটাইকেজন নিহত সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই দীপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে ৷

এই বিশেষ কাৰ্যসুচীত বিশ্বনাথ বাচোৱাৰ ফুটবল ক্লাৱৰ সভাপতি লগন বাচোৱাৰ সম্পাদক চটন বাচোৱাৰ উপদেষ্টা গণেশ বাচোৱাৰ আৰু সদস্য সকলৰ উপৰিও নিলপুৰ চাহ বাগিচাৰ বহু জেষ্ঠ লোকেও উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.