চিৰাঙৰ বিজনী আৰক্ষী থানাত আব্দুল হাই নাগৰীক নামৰ যুবক গ্ৰেপ্তাৰ

Sharing is caring!

চিৰাঙ জিলাৰ বিজনী থানাত বুধবাৰে টকা আত্মসাৎ কৰাৰ নামত আব্দুল হাই নাগৰীক (৩৫বয়স )নামৰ যুবক জনক বিজনী আৰক্ষীয়ে ১নং দংচিয়া পাৰাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি বিজনী আৰক্ষী থানাত আনে।

ধৃত যুবক জনে নিজকে মন্ত্ৰী,নেতা, চৰকাৰী বিষয়া নাম লৈ সাধাৰন ৰাইজৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা অভিযোগ উথাপন হৈছে । বিজনী মহকুমা আৰক্ষী বিষয়া জনায় যে ১নং দংচিয়াপাৰৰ আব্দুল কৰিম নামৰ লোক এজনৰ পৰা চাৰি লাখ সত্তৰ হাজাৰ টকা আত্মসাৎ  কৰে।

লোকজনে বিজনী আৰক্ষী থানাত অভিযোগ দাখিল কৰাত সেই সংক্ৰান্তত আব্দুল হাই নাগৰী নামৰ যুবক জনক 306/18/U/S420/406IPC গোচৰ ৰুজু কৰি আব্দুল হাই নাগৰীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিব সক্ষম হয় ।

জানিব পৰা মতে এই আব্দুল হাই নাগৰীক বহু দিনৰে পৰা এনেকে ছলচাতৰ কৰি জেলও হইছিলে । কিন্তু জেলৰ পৰা ওলাই তাৰ কুকৰ্ম আৰম্ভ কৰে বুলি জনায় হজৰত আলীয়ে।

Related posts

Leave a Comment