নতুনত্ব

নতুনত্ব

 

অবিনাশ দাস 

নলবাৰী

 

নতুনত্বৰ সোৱাদ কিবা 

পাইছা নেকি ?

ওঁহো,এতিয়ালৈ কোনো 

নতুনত্বই জীৱন দুৱাৰত

আলোড়িত কৰিব পৰাকৈ খুন্দিওৱা নাই

নহয়,নতুনত্ব আনিবলৈ

চেষ্টা কৰা নাই ৷

 

কেতিয়াবা বিবেকক মই শুধো

কিয় মৰি মৰি জীয়াই আছো !

সন্মুখত অনিশ্চত ভবিষ্যতৰ 

এক কন্টকমই যাত্ৰা ৷

অনুভৱ হয় মৰিবলৈ হে জীয়াই আছো ৷

 

মনযায় কেতিয়াবা আত্মিকতাৰ 

বান্ধোনত খাপ খুৱাই

পাখিত পাখি লগাই আকৌ

এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ৷

কিন্তু ক্ষন্তেকৰ বাবে স্তব্ধ হয়

মৌন ওঁঠৰ ৰঙীন ভাষা ৷

নেপথ্যৰ আত্মিকতাই যদি

মিথ্যা হয় ৷উত্তৰণত যদি

ব্যঘাত হয়

নতুনত্বৰ মূল্যই বা ক’ত ৷

 

এয়াই জীৱন

নতুনত্ব বুলিবলৈ একোনাই ৷

Related posts

Leave a Comment