হেপাহ

Sharing is caring!

হেপাহ

 

হেপাহ থাকিল বুলি

জোনটো চুব নোৱাৰোঁ মই

 

মন গল বুলি সাগৰ

সাতোৰিব নোৱাৰোঁ মই

 

আশাঁ কৰিলোঁ বুলি

বিচৰাটো পাৱ নোৱাৰোঁ মই

 

যুজাৰু মন আছে বুলি

সকলোৰে লগত যুজিব নোৱাৰোঁ মই

 

বিষাদ আছে বাবে জীৱনত

আনান্দৰ মাদকতা পাইছো মই

 

তথাপি  আজি হিচাৱ কৰিছো মই

কি পালোঁ কি হেৰুৱালো 

আৰু হেৰুৱাম নো কি …??

 

           মৃদুল বৰ্মন

Related posts

Leave a Comment