বিশ্বনাথলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ “পেড মেন” খ্যাত নয়ন শইকীয়াই

বিশ্বনাথলৈ পুণৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ

       “পেড মেন” খ্যাত নয়ন শইকীয়াই

 

আপোনালোকে হয়টো চুপাৰমেন , স্পাইডাৰমেন অথবা হিটমেনৰ কাল্পনিক চৰিত্ৰৰ অভিনেতা তথা বোলছবি বহুবাৰ দেখিছে বিশেষকৈ

কিছুদিন পূৰ্বে ভাৰতীয় ছবিজগতত অতিকৈ চৰ্চা লাভ কৰা অক্ষয় কুমাৰ অভিনীত “পেড মেন” ৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে ।

বাস্তৱ জীৱনৰ ওপৰত আধাৰিত পেডমেনৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ অসমৰ লগতে উত্তৰ পুৰ্বাঞ্চলত অসমৰ পেড মেন হিচাপে পৰিচয় লাভ

কৰিবলৈ সক্ষম হোৱা নয়ন শইকীয়াৰ আন এক সুখবৰে সমগ্ৰ বিশ্বনাথৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ।

বিশ্বনাথ চাৰিআলিৰ গড়েহাগীস্থিত এই যুৱকজন কলকাতাত হোটেল মেনেজমেন্টৰ অধ্যয়ন কৰি থাকোতেই লগ পাইছিল অক্ষয় কুমাৰ

অভিনীত “পেড মেন” চৰিত্ৰৰ প্ৰকৃত ব্যক্তিজন অৰ্থাৎ অৰুণাচলম মুৰুগানান্থমক।

আৰু তেওঁৰ কামৰ উদ্দেশ্য অনুকৰণ কৰি অৱশেষত নয়ন শইকীয়াই কলিকতাৰ পৰা ঘূৰি আহি বিশ্বনাথৰ গড়েহাগিত এটা পেড প্ৰস্তুত কৰা

মেচিন স্থাপন কৰি পেড উৎপাদনৰ কাম আৰম্ভ কৰিছিল ।

তাৰ পিছত আৰাম্ভ হয় এক দীঘলীয়া যাত্ৰা । প্ৰথম অৱস্থাত বহু কঠিনতাৰ সন্মুখীন হৈছিল যদিও অৱশেষত অসমৰ বহুকেইখন গ্ৰাম্যাঞ্চল পৰ্যায়ত

সজাগতা সভা অনুষ্ঠিত কৰি মহিলা সকলৰ মাজত লাজ আৰু সংকোচ দুৰ কৰি অক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হয় ।

মহিলা সৱলীকৰণ কেৱল লিখিত শব্দত নাৰাখি বাস্তৱ ক্ষেত্ৰত পৰিণত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা এই উদ্যমী যুৱকজন আজি সফল ব্যৱসায়ীক হিচাপে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ।

তেওঁৰ এই সফলতাই সমগ্ৰ অসমৰ লগতে বৰ্হিৰাজ্যতো এই উদ্যোগ গঢ়ি তোলাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ।

সমাজত মহিলা সৱলিকৰণৰ ক্ষেত্ৰত তথা যুৱ প্ৰজন্মৰ মাজত তেওঁৰ এই প্ৰচেষ্টা আৰু কৰ্ম সংস্কৃতিৰ সুন্দৰ নিদৰ্শনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁ সমাদৰ পাই বিভিন্ন সন্মানেৰে সন্মানিত হৈছে ।

বিশেষকৈ বিগত 22 ছেপ্তেম্বৰ তাৰিখে “ডালমীয়া” চিমেন্ট কোম্পানীৰ উদ্যোগত গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক স্কুলত অনুষ্ঠিত হোৱা

“Insidene Youth Conclave 2018” ৰ Young Achiever Award Northeast 2018 ৰ খিতাপ অৰ্জন কৰি সমগ্ৰ বিশ্বনাথৰ বাবে তেওঁ গৌৰৱ কঢ়িয়াই

আনিছে । কেইবাটাও অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগতে ৰাজনৈতিক জগতৰ কেইবাজনো মন্ত্ৰী বিধায়ক তথা বিশিষ্ট ব্যক্তিসকলৰ

উপস্থিতিত ত্ৰিপুৰাৰ ডেপুটি CM জিষ্ণু দেৱ বৰ্মণৰ পৰা এই বিশেষ বটাঁ গ্ৰহণ কৰে নয়ন শইকীয়াই । আৰু এই কথা সদৰি কৰে

বিশ্বনাথ চাৰিআলিত সাংবাদিকসকলৰ সৈতে হোৱা সংবাদ মেলত । তেওঁ লগতে অসমৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা কেইবাটাও উদ্যোগৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ দাতা সকলৰ আগত অৱগত কৰায় ।

উক্ত সংবাদ মেলত নয়ন শইকীয়াৰ এই বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা এই কঠিন যাত্ৰাৰ সংগী হিচাপে প্ৰতিটো মুহুৰ্তত থিয় দিয়া নয়ন শইকীয়াৰ পত্নী বাগ্মিতা শইকীয়াও উপস্থিত থাকি তেওঁলোকৰ এই যাত্ৰাৰ বিষয়ে সকলোৰে আগত সদৰি কৰে ।

লগতে তেওঁলোকৰ আগন্তুক পৰিকল্পনা হিচাপে কলিকতাত অতি সোনকালে চেনেটেৰী নেপকিন তৈয়াৰ কৰা উদ্যোগ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি অৱগত কৰে ।

উল্লেখ্য যে কোনো আগ্ৰহী ব্যক্তিয়ে এই উদ্যোগৰ প্ৰতি আগ্ৰহী হলে তেওঁ সম্পুৰ্ণ সহায় কৰাৰ বাবে সাজু আছে বুলি অৱগত কৰে আৰু তেওলোকৰ এই বিশেষ যাত্ৰাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ পৰা এই উদ্যোগটি উন্নতিৰ

দিশত আগুৱাই যোৱাৰ ওপৰিও চেনেটেৰী নেপকিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিটো প্ৰান্তত সজাগতা সৃষ্টিৰ বাবে প্ৰতিজন ব্যক্তিৰ পৰা তেওঁ সহায় সহযোগিতা কামনা কৰে ।

Related posts

Leave a Comment