বিহালীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন

Sharing is caring!

 

বিহালীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে যি নামঘৰ প্ৰতিষ্ঠা কৰি গল সেই নামঘৰে আজিও অসমীয়াৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত জামুৱনীৰ ৪ প্ৰাথমিকৰ সহযোগত জামুৱনীৰ দৰিকুৰীয়া নামঘৰত দিনজোৰা কাৰ্যসূচীৰে ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন সফলতাৰে অনুষ্ঠিত হৈ যায় । পুৱা ৮ বজাত বিহালী আঞ্চলিক শাখাৰ সভাপতি প্ৰতাপ বৰাই ধৰ্ম ধব্বজা উত্তোলন কৰা অনুষ্ঠানটিত সমাৰোহ উদ্ধোধন কৰে জয়ন্ত বৰাই । ইয়াৰ পিছতে শিশু শাখাৰ, যুৱ শাখাৰ আৰু আই মাতৃ শাখাৰ বৰগীত, নাটৰ গীত, দিহা নাম, বিয়া নাম, থিয় নামকে আদি কৰি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয় । ইয়াৰ পিছতে সাহিত্য শাখাৰ বক্তৃতা, কবিতা , তৰ্ক, আদি প্ৰতিযোগিতা সমূহৰ আয়োজন কৰে উদ্যোক্তা সকলে ।

Related posts

Leave a Comment