নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দৰং আছুৰ জোঁৰ লৈ প্ৰতিবাদী সমদল

Sharing is caring!

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত

দৰং আছুৰ জোঁৰ লৈ প্ৰতিবাদী সমদল

অসম খবৰ@ উজ্জ্বল জোতি ডেকা, দৰং, ১৪ মে :-  সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ মংগলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাই অসমীয়া বিৰোধী ৰূপে বিবেচিত হোৱা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনসাধাৰণ।দৰং জিলা ছাত্ৰ সন্থা দৰঙৰ বিভিন্ন দল সংগঠ আৰু জনসাধাৰণে আজি মংগলদৈ চহৰৰ মাজমজিয়াৰে জোৰ সমদল কৰি বিতৰ্কিত বিধেয়ক খনৰ বিৰোধে শ্লগান দি মংগলদৈ চহৰৰ আকাশ বতাহ কপাই তোলে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দৰং আছুৰ সভাপতি খনিন্দ্র ৰাজবংশী , সম্পাদক পৰাগ কুমাৰ চহৰীয়া উপসভাপতি নিৰঞ্জন শইকীয়া , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, জামান ওৱাহিদুৰ খণ্ডকাৰৰ নেতৃত্বত উলিওৱা জোঁৰ সমদলত অংশগ্ৰহণ কৰে দৰঙৰ যুৱ ছাত্ৰ পৰিষদ, অসম গণ পৰিষদ,কৰ্মচাৰী পৰিষদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, মংগলদৈ প্ৰেছ ক্লাৱ, মংগলদৈ ভেৱাৰ ঘাট সৰু গাড়ী সন্থা, দৰং জিলা মহিলা সমিতি , চিৰসেউজী সমবায় সমিতি, লেখিকা সমাৰোহ, দ্বিপানিতা বোৱা কটা সমবায়, নাগৰিক মঞ্চ, দৰং জিলা সাহিত্য সভা আদিকে ধৰি বিশিষ্ট ব্যক্তি , প্ৰাক্তন আছু কৰ্মী প্ৰতিবাদ সাবস্ত্য কৰে ।

Related posts