পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ – মুখ্যমন্ত্ৰী সোণোৱাল

 

 

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ – মুখ্যমন্ত্ৰী সোণোৱাল

সচিবালয়ত দীনদয়াল উপাধ্যায় বিষয়ক গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰীৰ

”পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ। তেখেতৰ বিষয়ে যিমানেপণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো

মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ।ই অধ্যয়ণ কৰিব সিমানেই জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনা শক্তি লাভ কৰাৰ উপৰি মানৱ ধৰ্মৰ দৰ্শন লাভ কৰিব।

বিশ্বৰ বুকুত তেখেতৰ আদৰ্শইহে একাত্ম মানৱতবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ।

” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নগাঁৱৰ অন্যতম গ্ৰন্থ প্ৰকাশন ৰণাংগন প্ৰকাশনৰ পৰা প্ৰকাশিত বিশিষ্ট কবি, প্ৰাবন্ধিক, অনুবাদক

পৰাণ কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত ”যুগদ্ৰষ্টা দীনদয়াল” আৰু তেখেতৰে ”পণ্ডিত দীনদয়াল উপাধ্যায়ঃ জীৱন আৰু কৰ্মসাধনা” গ্ৰন্থৰ বাংলা ভাষাৰ

ভাঙনি অসম বিধান সভা সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ব্যক্তিত্বত ইমানেই গুণ আছে বুলি উল্লেখ কৰি কয়– যি দিশৰ পৰা তেখেতক বিশ্লেষণ কৰিব সেই দিশৰ

পৰাই পোহৰ পাব। সাধাৰণভাৱে জীৱন-যাপন কৰা এগৰাকী ব্যক্তিৰ চিন্তাত বিশাল মনৰ কথা পৰিলক্ষিত হয়। তেখেতৰ মানৱতা সম্পৰ্কত কোৱা প্ৰতিটো

কথাৰ বাবেই সমাজখন কেতিয়াও বিপদত নপৰে। যুগে যুগে এইখন সমাজ সদায় শক্তিশালী হৈ থাকিব। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে দীনদয়াল উপাধ্যায়ে

জীৱনৰ প্ৰতিটো মুহূৰ্তই মানৱতাৰ স্বাৰ্থত আগবঢাই গৈছিল বুলি উল্লেখ কৰি কয়–পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনজোৰা সাধনা, কৰ্ম আৰু দৰ্শনৰ

জৰিয়তে প্ৰকাশিত আলোকে দেশৰ জনসাধাৰণক জ্ঞানৰ মাৰ্গ প্ৰদৰ্শন কৰিছিল। এইগৰাকী মহান মনীষীৰ আধ্যাত্মিক, সামাজিক আৰু মানৱীয়

চিন্তাৰে প্ৰসাৰিত কৰি ভাৰত ৰাষ্ট্ৰক বিশ্বক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত নিষ্ঠাৰে আত্মনিয়োগ কৰিছিল।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা

বিধায়ক দিলীপ পাল, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, শিলাদিত্য দেৱ, কিশোৰ নাথ, সঞ্জয় কিষাণ, চক্ৰধৰ গগৈ আৰু অসমৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ অধ্যক্ষ

হৰেকৃষ্ণ ভঁ‌ৰালী, মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভঁ‌ৰালীকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁ‌ত ধৰে

মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাসে। উল্লেখ্য যে, ‘পণ্ডিত দীনদয়াল উপাধ্যায়ঃ জীৱন আৰু কৰ্মসাধনা” গ্ৰন্থৰ বাংলা ভাষাৰ ভাঙনি কৰে

মণিকা সৰকাৰ আৰু সুশান্ত সৰকাৰে।

Related posts

Leave a Comment