বক্তৃতা অনুষ্ঠান

মহাশয়/ মহাশয়া,

নমস্কাৰ গ্ৰহণ কৰিব ৷ 

দিশপুৰ প্ৰেছ ক্লাৱে সমসাময়িক সামাজিক পৰিস্থিতি আৰু পৰিবেশক বিষয়বস্ত হিচাবে লৈ প্ৰতিবছৰে কোনো এক নিৰ্দিষ্ট বিষয়বস্তৰ ওপৰত এখনি বক্তৃত্বানুষ্ঠানৰ আয়োজন কৰি আহিছে ৷

আমি দীৰ্ঘদিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছো ভাৰতীয় ইতিহাসক বিভিন্ন সময়ত,বিভিন্ন স্তৰত বিকৃত কৰণ কৰা হৈছে ৷ 

যাৰ বাবে সাধাৰণ জনতাৰ উপৰিও নৱ প্ৰজন্মই ইতিহাসৰ প্ৰকৃত তথ্য তথা সমল গোটোৱাত ব্যৰ্থ হৈছে ৷ 

ফলত বিভিন্ন সময়ত ঐতিহাসিক সত্য সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈ আহিছে ৷ ভা

দেশৰ স্বাধীনতা আন্দোলন,ভাৰত বিভাজন সন্দৰ্ভতো বুৰঞ্জী বিকৃতকৰণ অতি উদ্দেশ্য প্ৰণোদিত আৰু ন্যস্ত স্বাৰ্থৰ বাবে একাংশ মহলে কৰি আহিছে ৷ 

সেয়ে ঐতিহাসিক সত্যসমূহৰ বিষয়ে আমি সকলোৱে জ্ঞাত হৈ এক সুস্থিৰ সিদ্ধান্তত উপনীত হোৱাটো স্বাভাৱিক অৰ্থতেই সময়ৰ দাবী ৷

অহা 12 অক্টোবৰ 2018

শুকুৰবাৰৰ দিনা বিয়লি তিনি(3)বজাত দিশপুৰস্থিত অসম চৰকাৰৰ গড়কাপ্তানী সন্মিলন কেন্দ্ৰত (PWD CONVENTION CENTRE) এখনি বক্তৃত্বানুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ 

বিষয়:বৃট্টিছৰাজ তথা মুছলিম লীগৰ অসমক পাকিস্থানত অন্তৰ্ভূক্ত কৰাৰ ষড়যন্ত্ৰ আৰু ৰক্ষকৰ ভূমিকাত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ৷ 

উক্ত ঐতিহাসিক বক্তৃত্বা প্ৰদান কৰিব বিশ্ব-বিশ্ৰুত বুৰঞ্জীবিদ তথা অসমৰ সুযোগ্য সন্তান জাৰ্মান নিবাসী অধ্যাপক নিৰোদ কে বৰুৱাই ৷

সেয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ আপোনাক স-শ্ৰদ্ধ নিমন্ত্ৰণ জনালো ৷

 

বিনম্ৰতাৰে—

 

দিশপুৰ প্ৰেছ ক্লাৱৰ হৈ—-

 

শ্ৰীনৰেণ হাজৰিকা

শ্ৰীবিশ্বজিৎ নাথ

শ্ৰীকু়ঞ্জমোহন ৰায়

শ্ৰী হেমন্ত মজুমদাৰ

শ্ৰী বিজু ফুকন দাস

Related posts

Leave a Comment