গহপুৰ ভাৰপ্ৰাপ্ত মহকুমা মহকুমাধিপতি বিদায় সম্বৰ্ধনা জাতীয়তাবাদী যুৱ পৰিষদ

Sharing is caring!

গহপুৰ মহকুমা মহকুমা মহকুমাধিপতি তথা
অতিৰিক্ত উপায়ুক্ত দায়িত্ব থকা ড:ইন্দ্ৰানসী দাসক বুধ বাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

২০১৭ চনৰ ৯ মে’ত গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পিছত ২০১৮ চনৰ ২৯ জানুৱাৰীত অতিৰিক্ত উপায়ুক্ত পদলৈ পদোন্নতি লাভ কৰি বিগত সময় চোৱাত ড:দাসে নিষ্ঠা, সততা আৰু দক্ষতাৰে আগবঢ়োৱা সেৱাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতি তেখেতৰ ওচৰত কৃতজ্ঞ প্ৰকাশ কৰে ।

অসম চৰকাৰৰ এক নিৰ্দেশনাৰ ভিত্তিত তেওঁ নতুন দিল্লীৰ অসম ভৱনৰ অ.এছ.ডি আৰু জি.এ.ডিৰ ডেপুটি ছেক্ৰেটৰী হিচাপে বদলি হৈছে বুলি জানিব পৰা গৈছে ।

Related posts

Leave a Comment