শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতেই মহিলাক যৌন নিৰ্যাতনৰ অপচেষ্টে

শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ শিৱসাগৰ জিলাৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বা-কচু পাইপ লাইনৰ সমীপৰ কটকী কোঁচত যোৱাকালি এক জঘন্য ঘটনা সংঘটিত হয়। দিন-দুপৰতেই এগৰাকী মহিলাক যৌন নিৰ্যাতন চলাবলৈ গৈ আটক এজন। আতকাধীন যুৱকজনৰ নাম জগন্নাথ গায়ন।

কালি শিৱসাগৰ নিমাইজান স্থিত নিজ বাসগৃহৰ পৰা মহিলাগৰাকী আহিছিল বা-কচুলৈ।
(মহিলা গৰাকীৰ ভাষ্য অনুসৰি)

দিনৰ প্ৰায় ১০ বাজি ১৫ মিনিট হৈছিল হে মাত্ৰ। মহিলা গৰাকী ঘৰলৈ উভতি অহাৰ সময়ত ঘটিছিল এই জঘন্য ঘটনা। অভিযুক্ত বা-কচু কোঁচ গাঁৱৰ জগন্নাথ গায়নে অচিনাকি মহিলা গৰাকীক যৌন নিৰ্যাতন চলাবলৈ অগ্ৰসৰ হোৱাত মহিলা গৰাকী নিজৰ কৌশল সমৃদ্ধ বুদ্ধিৰে এই ঘটনাৰ পৰা ৰক্ষা পাৰে।

অৱশেষত মহিলা গৰাকীৰ এজাহৰ ভিত্তিত জগন্নাথ গায়নক স্থানীয় চেৰেকাপাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। দিন দুপৰতেই এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰা মানৱৰ ৰূপত থকা দানৱক স্থানীয় আৰক্ষীয়ে কেনেধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব। নে অভিযুক্ত মুকলি আকাশৰ তললৈ যাবলৈ আইনী সুৰুঙা বিচাৰি পাব?

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.