কটকটীয়া নিৰাপত্তাৰ মাজত চিৰাঙৰ  বিজনীত আটক ধুনীয়া পুজা মণ্ডপেৰে জিলিকিছে চিৰাং

Sharing is caring!

কটকটীয়া নিৰাপত্তাৰ মাজত চিৰাঙৰ  বিজনীত আটক ধুনীয়া পুজা মণ্ডপেৰে জিলিকিছে চিৰাং

 

 

চিৰাংৰ পৰা লিটন বসাক অসম খবৰ ১৬ অক্টোবৰ  চিৰাং  জিলাৰ বিজনী মহকুমাত মুঠ ৭০খন দুৰ্গাপুজা মণ্ডপ ।লক্ষ্যনীয়  যে চহৰৰ বিভিন্ন  আয়োজক সমিতিয়ে সাধাৰন ভাবে পুজাৰ মণ্ডপ সজাই তুলিছে যদিও  চহৰখনৰ কেবাটাও দূৰ্গোৎসৱ সমিতিয়ে ব্যতিক্ৰমী মণ্ডপ নিৰ্মানণ কৰি সকলোকে অাকৰ্ষিত কৰিছে । শিশু শ্ৰমিকৰ বিষয় লৈ   বিজনী  পুৰনা বাছ অৱস্থান দূৰ্গা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা আকৰ্ষনীয়  পুজা মণ্ডপ নিৰ্মান কৰিছে বিশেষকৈ  শিশু শ্ৰমিক  বন্ধ কৰা, শিশু শ্ৰমিক মুক্ত সমাজ  গঢ়া, শিশু সকলক ভবিষ্যতে  শিশু শ্ৰমৰ পৰা ৰক্ষা কৰক, আদিৰে  এখন প্ৰাচিৰ পত্ৰিকাও উন্মোচন কৰে বিজনী পনিৰবাছনী বিষয়া লুকুমণি বৰা । অসমৰ শিশু শ্ৰমিক  সংস্কৃতিৰ ওপৰত অাৰ্হি মুলক মণ্ডপ সজাই তুলিছে বিজনীত । দেৱী দুৰ্গাক অসমীয়া সংস্কৃতিৰ  থলোৱা সাসজুলি মেখেলা চাদৰ পিন্ধাই অসমীয়া সংস্কৃতি বৰ্তাই তুলিছে মধ্য বিজনী যুৱ সংঘ পুজা পৰিচালনা সমিতিয়ে ।শাৰদীয়  দূৰ্গোৎসৱৰ  সময় ছোৱাত  যাতে সমগ্ৰ অঞ্চলটোত  কোনো দুষ্কৃতিকাৰীয়ে কোনো কূটাঘাত মূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে  জিলাখনৰ চৌদিশে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি পথত  বাহনত তালাচী চলোৱাৰ উপৰি সকলো স্থানত কটকটীয়া নিৰাপওা ব্যৱস্থা গঢ়ি তলিছে ।

Related posts

Leave a Comment