যোৰহাটত গণ বিক্ষোভঃ

Sharing is caring!

যোৰহাটত গণ বিক্ষোভঃ

  • জাতি-ধৰ্ম- নিৰ্বিশেষে ভাগ ল’লে জাতি ৰক্ষাৰ মহাৰণতঃ
  • নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত যোৰহাট ত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ গণ সমদল


অসম খবৰ@ (নেকিব আহমেদ)যোৰহাট, ১৬ মেঃ-

যোৰহাটত গণ বিক্ষোভ ! অসমীয়া জীতি ধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি যোৰহাটৰ ৰাজ পথলৈ উলাই আহিল হাজাৰ হাজাৰ লোক । জাতি-ধৰ্ম- নিৰ্বিশেষে সকলো ওলাই আহিল অসমীয়া জাতি অস্তিত্ব ৰক্ষাৰ মহাৰণলৈ । সমগ্ৰ ৰাজ্যতে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত কৰাৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ মাজতেই বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমত লাখ-লাখ হিন্দু-বাংলাদেশীক সংস্থাপিত কৰাৰ যি কুটিল ৰাজনৈতিক  ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিবাদত আজি যোৰহাট চহৰৰ মাজেৰে – এক বৃহৎ প্ৰতিবাদী গণ সমদল কাৰ্যসূচী গ্ৰহণ কৰে ।জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ সপোন দেখুৱাই অসমত গাদী দখল কৰা বিজেপি চৰকাৰখনে অসমৰ সহজ-সৰল ৰাইজ তথা জনসাধাৰণক চৰম প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰাৰ উদ্দেশ্যে  আৰু  জাতীয় অস্তিত্ব ৰক্ষাৰ গ্ৰহণ কৰা এই কাৰ্যসূচীত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ মানি লোৱা ন’হব আদিৰ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উদোগত বিভিন্ন জাতীয়  সংগঠনৰ লগতে যোৰহাটৰ সাধাৰণ জনতাসকলেও  সমদলত ভাগ লয়। উল্লেখ্য যে বৃহৎ প্ৰতিবাদী গণ সমদল প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ যোগেদি যুটীয়া সংসদীয় সচিব লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে যোৰহাটৰ পুৰণা বালিবাত মছজিদ সমিতিয়েও এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Related posts