নগাঁৱৰ কঠিয়াতলী, কামপুৰ, কচুৱা অঞ্চলত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

Sharing is caring!

স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈ পৰিছে দোকান-পোহাৰ আৰু যান-বাহনৰ চলাচল ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিদ্ৰোহী আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ ।নগাঁওৰ মাজমজিয়াতো এনেদৰে দেখা গল AJYCP ৰ লগতে বাকী দল সংগঠনে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত ১৭ নৱেম্বৰত ২৭টাকৈ বাঙালী সংগঠনে খানাপাৰাত বিশাল গণসমাবেশৰ আয়োজন কৰিছে। এই গণ সমাবেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আৰু ২৭টাকৈ বাঙালী সংগঠনৰ গণসমাবেশৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যৰ ৪৬টাকৈ সংগঠনে আজি ঘোষণা কৰা অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰিছে সমগ্ৰ ৰাজ্যতে।

Related posts

Leave a Comment